শিলচৰ

দুদিনীয়া ভ্ৰমণসূচীৰে কাছাৰ লৈ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়া

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ : দুদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে কাছাৰলৈ আহিব ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়া। জানিব পৰামতে দেওবাৰ আৰু সোমবাৰে দুটা অনুষ্ঠানত‌ অংশগ্ৰহন কৰিব ৰাজ্যপালগৰাকীয়ে।

দেওবাৰে দিনৰ ১২-৩০ বজাত কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হ’ব ৰাজ্যপালগৰাকী। কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ ভিআইপিত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ১-৩০ বজাত ধলাইলৈ ৰাওনা হ'ব। ধলাই বিএনএমপি এইচ এছ স্কুলৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপালগৰাকী।

তাৰ পৰা পোনে পোনে শিলচৰ আৱৰ্ত ভৱনলৈ যাব ৰাজ্যপাল কাটাৰিয়া। আৱৰ্ত ভৱনতে নিশাটো কটাব তেওঁ।‌ সোমবাৰে পুৱা ৮-৩০ বজাৰ পৰা ১০-৩০ বজালৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত জিলা আয়ুক্ত,আৰক্ষী অধীক্ষক, নিৰাপত্তা সংস্থাৰ বিষয়া আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াৰে এক বৈঠকত মিলিত হ'ব ৰাজ্যপাল কাটাৰিয়া। বৈঠকৰ অন্তত কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হৈ গুৱাহাটী অভিমুখে যাত্ৰা কৰিব ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই।