শিলচৰ

শিলচৰৰ এচ এম দেব চিভিল হাস্পতাল‌ পৰিদৰ্শন ৰাজ্যপালৰ কাটাৰিয়াই

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ: স্ব-ইচ্ছাই ৰক্তদান কৰি দহ জনৰ জীৱন ৰক্ষা কৰা বিভিন্ন স্বেচ্ছাসেৱক সংগঠনসমূহক কম পক্ষেও বছৰত এবাৰ আমন্ত্ৰণ কৰি সন্মান জনাবলৈ আহ্বান জনাইছে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। এনে কৰিলে ৰক্তদান কৰা সংগঠনসমূহ আৰু দুগুণ উৎসাহিত হ'ব বুলি তেওঁ কয়।

দেওবাৰে শিলচৰৰ এছ এম দেব চিভিল হাস্পতাল‌ পৰিদৰ্শন কৰি হাস্পতাল কতৃপক্ষক এই আহ্বান জনায় ৰাজ্যপাল গৰাকীয়ে। তিনি দিনীয়া বৰাক ভ্ৰমনলৈ শুক্ৰবাৰে বৰাকত উপস্থিত হোৱা ৰাজ্যপাল গৰাকীয়ে হাইলাকান্দি আৰু কৰিমগঞ্জৰ কাৰ্যসূচী সম্পন্ন কৰি দেওবাৰে শিলচৰৰ এচ এম দেব চিভিল হাস্পতাল‌ পৰিদৰ্শন কৰে।

হাস্পতাল খনৰ ব্লাড বেংক, জৰুৰী কালীন বিভাগ, প্ৰসুতী বিভাগ, ফাৰ্মাচী সহ কেবাটাও বিভাগ পৰিদৰ্শন কৰি হাস্পতাল খনৰ চিকিৎসা ব্যৱস্থাৰ বুজ লয় । হাস্পতাল কতৃপক্ষৰ সৈতে বিভিন্ন সা সুবিধা সন্দৰ্ভতো মত বিনিময় কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই।

পিছত সাংবাদিকৰ সৈতে মুখামুখি হৈ হাস্পতাল খনত স্ব ইচ্ছাই ৰক্তদান কৰা বিভিন্ন স্বেচ্ছাসেৱী সংগঠন সমুহক আমন্ত্ৰণ কৰি বছৰত এবাৰ সন্মানিত কৰিবলৈ তেওঁ হাস্পতাল কতৃপক্ষক আহ্বান জনায়। ইফালে, চিভিল হাস্পতাল‌ত চকু, চাৰ্জাৰী আৰু অৰ্থপেটিকছ বিভাগত দীৰ্ঘদিন ধৰি চিকিৎসক নাই বুলি সাংবাদিকে উনুকিয়াই দিয়াত ৰাজ্যপাল গৰাকীয়ে বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি মন্তব্য কৰে।