শিলচৰ

উমকিয়াঙত‌ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মেঘালয় আৰক্ষীয়ে।‌ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ইষ্ট জয়ন্তীয়া হিলছ আৰক্ষীয়ে ১৮ টা হেৰ'ইনৰ পেকেট জব্দ কৰে।

উমকিয়াং আৰক্ষীয়ে জব্দ কৰা হেৰ'ইন খিনিৰ ওজন প্ৰায় ২২০ গ্ৰাম। হেৰ'ইন খিনি পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়। এই সংক্ৰান্তত আৰক্ষীয়ে বৰ্তমানলৈ কোনো লোকক আটক কৰা হোৱা নাই বুলি সদৰী কৰিছে মেঘালয় আৰক্ষীয়ে।