৭৩০ কোটি টকাৰ প্ৰকল্প লৈ ১ মাৰ্চত বৰাকলৈ যাব মুখ্যমন্ত্ৰী... 
শিলচৰ

৭৩০ কোটি টকাৰ প্ৰকল্প লৈ ১ মাৰ্চত বৰাকলৈ যাব মুখ্যমন্ত্ৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰঃ বৰাক উপত্যকাত নিৰ্মাণ হ'বলগা দ্বিতীয়খন মেডিকেল কলেজৰ আধাৰশিলা স্থাপনৰ লগতে আন কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা আৰু ভূমি পূজন কৰিবলৈ এক মাৰ্চত বৰাকলৈ আহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এদিনীয়া মেটমৰা কাৰ্যসূচী লৈ বৰাকলৈ আহিবলগদীয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কুম্ভীৰগ্ৰাম বিমান বন্দৰত অবতৰণ কৰি হেলিকপ্টাৰেৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত উপস্থিত হ'ব।

অম্ৰুতৰ অধীনত মেডিকেল চৌহদত ১৭৭ কোটি ৪৪ লাখ টকাৰে নিৰ্মাণ কৰা মেগা পানী যোগান আঁচনিখনৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছত SMC হাস্পতালত ২৬৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৪২০ খন বিচনাযুক্ত অত্যাধুনিক শিলচৰ কেঞ্চাৰ চেন্টাৰটোৰো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে।

তাৰ পিচত মুখ্যমন্ত্ৰী কৰিমগঞ্জলৈ গৈ ৰাতাবাৰীত নিৰ্মাণ হ'ব লগা নতুন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব। শেষত দুপৰীয়া ১২ বজাত মুখ্যমন্ত্ৰী কাছাৰৰ লক্ষীপুৰ সমষ্টিৰ লাবকত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব। এই জনসভাৰ পৰাই মুখ্যমন্ত্ৰীয়ে লক্ষীপুৰসহ কাছাৰ জিলাত নিৰ্মাণ কৰা কেবাটাও প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু ভূমিপূজন কৰিব। ইয়াৰ বাবে ব্যয় কৰিব ৭৩০ কোটি টকা। বুধবাৰে এক সংবাদ মেলৰ জৰিয়তে লক্ষীপুৰৰ বিধায়ক কৌশিক ৰাইয়ে।