শিলচৰ

মণিপুৰত বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ : অশান্ত জৰ্জৰ মণিপুৰত সন্ত্ৰাসবাদী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে নিৰাপত্তা বাহিনীৰ। শুক্ৰবাৰে থৌবাল, কাকছিং,বিষ্ণুপুৰ আৰু পশ্চিম ইম্ফল জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰে।‌

লগতে KCPৰ এজন সদস্যক আটক কৰে নিৰাপত্তা বাহিনীয়ে। নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত এটা ইনছাছ ৰাইফল, চাৰিটা ৯ এম এম পিস্তল, ২১টা হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰে।

একদৰে এটা একে ৰাইফল, এটা 303 ৰাইফল, এটা পইন্ট থ্ৰি টু এম এম পিস্তল, এটা 12 bore Single barrel gun, এটা 9mm Carbine, দুটা বল্ট একচন ৰাইফল, এটা M 20 pistol, এটা country made ৰাইফল, ১১টা গ্ৰেনেড মৰ্টাৰ, এটা ৫১ এম এম মৰ্টাৰ, ২৩ টা সজীৱ গুলিসহ যথেষ্ট পৰিমাণৰ বিষ্ফোৰক জব্দ কৰে।