শিলচৰ

মণিপুৰত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে ম্যানমাৰ সীমান্তৰ মোৰেৰ পৰা জব্দ কৰে এই ড্ৰাগছসমূহ।

টেংগুপাল জিলাৰ দুজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত অভিযান চলাই জব্দ কৰা হয় কেবা কোটি মূল্যৰ ড্ৰাগছসমূহ। ঘৰটোত তালাচী চলাই ৩০ কেজি WY টেবলেট, ৭৯৭০ টা আলপ্ৰাজ’লাম টেবলেট, ৩৮৬ গ্ৰাম হেৰ’ইন পাউদাৰ, কেফেইন ৫.২৬৬ কেজি, কেফেইন (স্ফটিক) – ২.৪৭১ কেজি, গোল্ড ডাষ্ট ৮.২৯৯ কেজি আৰু বিভিন্ন ধৰণৰ ১০ টা ৰবৰ ষ্টাম্প জব্দ কৰা হয়।

নিষিদ্ধ এই সামগ্ৰীসমূহ মজুত কৰি ৰখাৰ অভিযোগত আৰক্ষীয়ে ৰফিক কুট্টি আৰু জিনাত নামৰ দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।