শিলচৰ

লক্ষীপুৰ মহকুমাক সমজিলা হিচাপে উদ্বোধন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ : এতিয়াৰে পৰা লক্ষীপুৰৰ ৰাইজে জেপৰ ধন খৰচ কৰি সাধাৰণ প্ৰশাসনিক কামৰ‌ বাবে শিলচৰলৈ নগ'লেও হ'ব। উপায়ুক্তৰ কাৰ্যলয়ৰ সকলো কাম এতিয়াৰে পৰা লক্ষীপুৰতে কৰিব পৰা যাব।

কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিত সমজিলাৰ উদ্বোধন কৰি শনিবাৰে এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত‌ মল্লবৰুৱাই। প্ৰশাসনিক ব্যৱস্থাক ৰাইজৰ ওচৰলৈ নিয়াৰ উদ্দেশ্যেই মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত ৰাজ্যখনত ৩৯ টা সমষ্টিক সমজিলাৰ মৰ্যদা দিয়া হৈছে। প্ৰথম পৰ্যায়ত ৰাজ্যৰ অন্য প্ৰান্তৰ‌ লগতে কৰিমগঞ্জ জিলাৰ দুটা আৰু কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিক সমজিলা হিচাপে উদ্বোধন কৰা হয়।‌

কাছাৰৰ প্ৰথমখন সমজিলা হিচাপে লক্ষীপুৰ মহকুমাক উন্নীত‌ কৰাৰ পিচত শনিবাৰে আনুষ্ঠানিকভাৱে সমজিলাৰ কাৰ্যলয়ৰ মুকলি কৰা হয়। লক্ষীপুৰৰ সদভাৱনা ভৱন‌ত নতুন‌ এই সম জিলাৰ কাম- কাজ আৰম্ভ হ'ব। ইতিমধ্যে সমজিলা আয়ুক্ত হিচাপে ধ্ৰুবজ্যোতি পাঠকসহ দুজন সহ: আয়ুক্ত আৰু অনান্য‌ কৰ্মচাৰীসকলক নিযুক্তি দিয়া হৈছে।

উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰী জয়ন্ত‌ মল্লবৰুৱাই আৰু কয় যে লক্ষীপুৰ তথা কাছাৰৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন। ৰাইজক জিলা প্ৰশাসনৰ ওচৰলৈ ওচৰ চপাই অনাৰ ক্ষেত্ৰত এই সম জিলাই সহজ কৰি তুলিব।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত এতিয়া জনসাধাৰণে চৰকাৰৰ ওচৰ চাপি অহাৰ পথটো সহজ হৈ পৰিছে ৷ আগৰ দৰে সৰু সৰু কামৰ বাবে লক্ষীপুৰৰ মানুহ শিলচৰলৈ যোৱাৰ প্ৰয়োজন নহ’ব। তেওঁলোকৰ প্ৰশাসনিক সকলো সমস্যাৰ সমাধান এতিয়াৰে পৰা লক্ষীপুৰতে হ’ব । লগতে পকেটৰ ধনো সঞ্চয় হ’ব। সময়ো ৰাহি হ’ব।

নিজৰ সমষ্টিৰ উন্নয়ণ আৰু জনসাধাৰণৰ প্ৰতি থকা ইতিবাচক চিন্তাৰ বাবে তেওঁ লক্ষীপুৰৰ বিধায়ক কৌশিক ৰাইক উচ্চ প্ৰশংসা কৰে।‌ মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰাক উপত্যকাত যথেষ্ট উন্নয়ন‌ হোৱা বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰাকৰ চহৰ আৰু গাঁৱসমূহ সমানে বিকশিত হৈছে। পথ নিৰ্মাণ, স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে শৈক্ষিক ক্ষেত্ৰতো অভুতপুৰ্ব উন্নতি হৈছে। এটকাও খৰচ নকৰাকৈয়ে শিক্ষিত যুবক যুবতীসকলে চাকৰি লাভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

অনুষ্ঠানত লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায় আৰু সাংসদ পৰিমল শুক্লবৈদ্যই ভাষণ প্ৰদান কৰি লক্ষীপুৰক সমজিলা উপহাৰ দিয়াত মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। কৌশিক ৰায়ে কয়,আজিৰ দিনটো লক্ষীপুৰবাসীৰ বাবে গৌৰৱৰ দিন। ১৯৯২ চনতে লক্ষীপুৰক মহকুমা ঘোষণা কৰা হ'লেও কোনো আন্তঃগাঁথনিৰ ব্যৱস্থা নাছিল। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিচতে ৰাজ্যৰ ৭৯ টা বিধানসভা সমষ্টিক উপ জিলা আৰু পৰবৰ্তী সময়ত সমজিলালৈ উন্নীত কৰে। কাছাৰ জিলাৰ ভিতৰত লক্ষীপুৰক প্ৰথমখন সমজিলা হিচাপে উন্নীত কৰাত কৌশিক ৰায়ে লক্ষীপুৰবাসীৰ হৈ মুখ্যমন্ত্ৰীক ধন্যবাদ‌ জনায়।

মাটি কিনা বেচাৰ অনুমতি, সাংসদ বিধায়কৰ পুজিৰ ধন‌ খৰচসহ বহু গুৰুত্বপুৰ্ণ কাম এই সমজিলাৰ কাৰ্যলয়ত কৰা হ'ব। বৰ্তমান অস্থায়ীভাৱে সদভাৱনা ভৱনতে সম জিলাৰ কাম কাজ‌ কৰা হ'ব বুলি উল্লেখ কৰে কৌশিক ৰায়ে।

সাংসদ পৰিমল শুক্লবৈদ্যই তেওঁৰ ভাষণত কয় যে মুখ্যমন্ত্ৰীৰ চেষ্টাতে লক্ষীপুৰ মহকুমাই আজি সমজিলাৰ মৰ্যদা লাভ কৰিলে। তাৰ বাবে তেও‍ঁ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। এতিয়াৰ পৰা লক্ষীপুৰ বাসীৰ সকলো প্ৰশাসনিক কাম লক্ষীপুৰতে হ'ব। ধন আৰু সময় ব্যয় কৰি শিলচৰ লৈ যোৱাৰ কোনো প্ৰয়োজন নাই।

কাছাৰ জিলাৰ লক্ষীপুৰক প্ৰথম সমজিলা হিচাপে উন্নীত কৰাৰ‌ কাৰণ খুহুতীয়া ভংগীমাৰে ব্যাখ্যা কৰে সাংসদগৰাকীয়ে। তেওঁৰ মতে, লক্ষীপুৰৰ পৰাই কাছাৰৰ অনান্য সমষ্টিসমূহত লক্ষী লাগিব। সেই কাৰণেই লক্ষীপুৰক প্ৰথমে নিৰ্বাচিত কৰা হৈছে। এই লক্ষী লগা কামটো‌ মুখ্যমন্ত্ৰীয়ে কৰিছে বুলি মন্তব্য শুক্লবৈদ্যৰ ।

অনুষ্ঠানত শিলচৰৰ বিধায়ক দিপায়ণ চক্ৰৱৰ্তী, উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি সোম, কাছাৰ জিলাৰ উপায়ুক্ত মৃদুল যাদৱ, লক্ষীপুৰ সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি পাঠক, এপিডিচিএলৰ সঞ্চালক নিত্য ভূষণ দে , আৰক্ষী অধীক্ষক নোমল, মাহাত্তা, বিজেপিৰ ৰাজ্যিক সম্পাদক কনাদ পুৰকায়স্থৰ লগতে প্ৰাক্তন বিধায়ক দিলীপ পাল, কিশোৰ নাথ, মণিপুৰ উন্নয়ন পৰিষদৰ অধ্যক্ষা ৰীনা সিংহ, বিজেপি চাহ মৰ্চাৰ জিলা সভাপতি সঞ্জয় ঠাকুৰ আদি উপস্থিত থাকে।