dangor khabar  
শিলচৰ

কাছাৰৰ বৰখলাত ভূমিকেন্দ্রিক সংঘাত

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ ভূমি বিবাদক কেন্দ্র কৰি ৰণক্ষেত্ৰত পৰিণত হ'ল কাছাৰৰ বৰখলা বুড়িবাইল অঞ্চল। দুই পক্ষৰ মাজত আৰম্ভ হয় ভূমিকেন্দ্রিক সংঘাত । দুই পক্ষৰ তুমুল সংঘৰ্ষত আহত হয় ২০ জনকৈ লোক ।

তথ্য অনুসৰি, বুড়িবাইল তৃতীয় খণ্ড গাঁৱৰ নাজিম উদ্দিন পক্ষ আৰু নূৰ আলী পক্ষৰ মাজত দীর্ঘদিন ধৰি ভূমি কেন্দ্ৰিক বিবাদ চলি আহিছে। বিগত বছৰৰ ২৭ চেপ্তেম্বৰ মাহত আদালতৰ নির্দেশত ১২ বিঘা ভূমিত উচ্ছেদ অভিযান চলায় প্রশাসনে। এই ১২ বিঘা ভূমিত থকা ১৫ টা পৰিয়ালৰ ঘৰবাৰী উচ্ছেদ কৰি প্ৰশাসনে আদালতৰ নিৰ্দেশত ভূমি সমজাই দিছিল নাজিম উদ্দিন পক্ষক ৷ আদালতৰ নিৰ্দেশত ভূমি পোৱাৰ পাছত এই ভূমিত শাকপাচলি খেতি আৰম্ভ কৰিছিল নাজিম উদ্দিন পক্ষই ।

কিন্তু দেওবাৰে পুনৰ এই ভূমিক কেন্দ্ৰ কৰি নাজিম উদ্দিন আৰু নূৰ আলী পক্ষৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয়। হাতত দা, লাঠি সহ বিভিন্ন চোকা অস্ত্ৰৰে এক পক্ষই আন পক্ষক আক্রমণ চলায়। কার্যত ৰণক্ষেত্ৰৰ ৰূপ ধাৰণ কৰে বুড়িবাইল অঞ্চল। দুইপক্ষৰ ভয়ংকৰ এই সংঘৰ্ষত ২০ জনৰ অধিক লোক আহত হয় । আহত সকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ স্থানীয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয় । ইয়াৰে মাজত কেইবাজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হয় । ইপিনে ভয়ংকৰ এই মাৰপিটৰ পাছত উভয় পক্ষই ৰুজু কৰিছে গোচৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত নামি ঘটনাস্থলীৰ পৰা দা, লাঠি সহ বিভিন্ন অস্ত্ৰ জব্দ কৰে ।