শিলচৰ

মিজোৰামত মেথামফেটামাইন আৰু হেৰ'ইন জব্দ : গ্ৰেপ্তাৰ ২গৰাকী মহিলা

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ : চুবুৰীয়া ৰাজ্য মিজোৰামত ড্ৰাগছৰ বিৰুদ্ধে অসম ৰাইফলছ আৰু মিজো আৰক্ষীৰ বৃহৎ সাফল্য। গোপন তথ্যৰ ভিত্তিত চাম্পাই জিলাৰ ডুংটলাঙ এলেকাত হাইলাকান্দিৰ পঞ্জীয়নভুক্ত এখন চুইফট বাহনত তালাচী চলাই জব্দ কৰে বুজন পৰিমাণৰ মেথামফেটামাইন টেবলেট আৰু হেৰ'ইন।

বাহনখনৰ গোপন চেম্বাৰৰ পৰা ১১.৩৯৭ কেজি মেথামফেটামাইন টেবলেট আৰু ২১৮ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, ১৮ টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হয় হেৰ'ইনখিনি।

জব্দকৃত মেথামফেটামাইন আৰু হেৰ'ইনৰ মূল্য প্ৰায় ৩৫ কোটি ১৯ লাখ বুলি অসম ৰাইফলছে উল্লেখ কৰিছে। নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত হাইলাকান্দি জিলাৰ এজন যুৱক আৰু দুগৰাকী মিজো মহিলাক গ্ৰেপ্তাৰ কৰে।

ধৃত সৰবৰাহকাৰী কেইজন হৈছে হাইলাকান্দিৰ আবু তাহিৰ মজুমদাৰ, চাম্পাই জিলাৰ জোথাঙ লুয়াই আৰু ভানলাল জাৰি। ড্ৰাগছখিনি চাম্পাই জিলাৰ পৰা বৰাক উপত্যকালৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজনে। ইফালে, গ্ৰেপ্তাৰৰ পিছত অভিযুক্ত কেইজনক চাম্পাই জিলাত জেৰা কৰি থকা হৈছে।