শিলচৰ

শিলচৰত চাৰি সুদখোৰ গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ সমগ্ৰ ৰাজ্যৰ লগতে এইবাৰ শিলচৰতো সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান আৰম্ভ হৈছে। দুজন লোকৰ এজেহাৰৰ ভিত্তিত শিলচৰ আৰক্ষীয়ে বুধবাৰে চাৰি গৰাকী সুদখোৰক গ্ৰেপ্তাৰ কৰে। সুদখোৰ কেইজনৰ ভিতৰত এগৰাকী মহিলাও আছে।

ধৃত সুদখোৰ কেইজন হৈছে শিলচৰ উত্তৰ কৃষ্ণপুৰৰ হেনা বেগম লস্কৰ (৩৫), কাঠাল যায়ফৰপুৰৰ খাইৰুল হুছেইন লস্কৰ (৪১), দিলবাহাৰ আলম চৌধুৰী (৩৫) আৰু শিলচৰ ইটখলা মেডিলেণ্ড হাস্পতাল ৰোডৰ চাহিদ মজুমদাৰ (৪০)। হেনা বেগম সহ প্ৰথম তিনি জনক শিলচৰ সদৰ থানাৰ আৰক্ষীয়ে মঙলবাৰে নিশা তেওঁলোকৰ নিজ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

আনহাতে, বুধবাৰে মালুগ্ৰাম আৰক্ষীয়ে চাহিদক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। গ্ৰেপ্তাৰৰ পিছত হেনা বেগম, খাইৰুল হুছেইন আৰু দিলবাহাৰক আজি আদালতত হাজিৰ কৰোৱায় আৰক্ষীয়ে। আদালতে তিনিওজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে। ইফালে, চাহিদক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। সুত্ৰটোৰ মতে, কাছাৰ জিলাৰ আৰু কেবাজনো সুতখোৰক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব ।