শিলচৰ

শিলচৰত ৩কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ : ৩জনক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা। বৃহস্পতিবাৰে নিশা শিলচৰৰ ৰামনগৰ- আই এছ বি টিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰৰ আৰক্ষীৰ এটা দলে।

উক্ত অভিযানত আই এছ বি টিৰ পৰা জব্দ কৰে ৫৭২ গ্ৰাম হেৰʼইন। কেবাটাও চাবোনৰ বাকচৰ পৰা হেৰ'ইনসমূহ জব্দ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তিনিজন সৰবৰাকাৰীৰ পৰা জব্দ কৰা হয় হেৰ'ইনখিনি। জব্দকৃত হেৰ'ইনখিনিৰ মূল্য প্ৰায় ৩ কোটি টকা হ'ব বুলি আৰক্ষীয়ে ভাষ্য প্ৰদান কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আনি কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল। নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে তিনিজন লোকক আটক কৰিছে। বৰ্তমান শিলচৰ সদৰ থানাত জেৰা কৰি থকা হৈছে ধৃত লোক কেইজনক।