শিলচৰ

শিলচৰ NIT ৰ‌ ২১ তম বাৰ্ষিক সমাবর্তন, ১২১৬ গৰাকীৰ ডিগ্ৰী লাভ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰ NITৰ‌ ২১ তম বাৰ্ষিক সমাবর্তন বৃহস্পতিবাৰে অনুষ্ঠিত হয়। সমাবৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে নৰ্থ ৱেষ্টাৰ্ণ স্পেছ এপ্লিকেচনছ চেন্টাৰৰ ডাৰেক্টৰ ডা:এচ পি আগৰৱালা শ, তামিলনাডুৰ প্ৰাক্তন উপাচাৰ্য পদ্মশ্ৰী প্ৰফেছাৰ এ পি দাস আৰু শিলচৰ NIT ৰ ডাইৰেক্টৰ প্ৰফেছাৰ দিলীপ কুমাৰ বৈদ্য। অতিথি সকলে ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থী সকলৰ ডিগ্ৰী আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে।

মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি মন্ত্ৰী বিমল বৰাই ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনায়। লগতে একোজন ভাল নাগৰিক হৈ দেশৰ হৈ কাম কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই অসমৰ উন্নয়ন আৰু যুৱক-যুৱতী সকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত লোৱা বিভিন্ন কাম-কাজৰ তথ্যও দাঙি ধৰে।

২০২৩ শিক্ষাবৰ্ষত বিভিন্ন বিভাগত ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থী সকলক ডিগ্ৰী আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। শিক্ষানুষ্ঠান খনৰ পৰা এই বছৰ ৮৩০ গৰাকীয়ে বিটেক, ১৭৯ গৰাকীয়ে এমটেক, ৫৮ গৰাকীয়ে এমবিএ আৰপ ৯৯গৰাকীয়ে পিএইচডিসহ মুঠ ১২১৬ গৰাকীয়ে ডিগ্ৰী লাভ কৰে।

সোন আৰু ৰূপৰ পদকো লাভ কৰে কেইবা গৰাকী বিদ্যাৰ্থীয়ে। ইয়াৰ ভিতৰত শৈক্ষিক আৰু অন্য দিশত বিশেষ পাৰদৰ্শিতা দেখুওৱা ইলেকট্ৰনিক বিভাগৰ মৃগাংক ভড়ালী, ইচিই বিভাগৰ সৌৰভ হালদাৰ আৰু আৰ্ছাদ আহমেদক সোণৰ পদক প্ৰদান কৰা হয়।