মেঘালয়ৰ লুমছুঙত ভূমিস্খলনৰ ফলত বন্ধ ৬ নম্বৰ শিলচৰ- শ্বিলঙ- গুৱাহাটী ৰাষ্ট্ৰীয় পথ 
শিলচৰ

মেঘালয়ৰ লুমছুঙত ভূমিস্খলনৰ ফলত বন্ধ ৬ নম্বৰ শিলচৰ- শ্বিলঙ- গুৱাহাটী ৰাষ্ট্ৰীয় পথ

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য মেঘালয়ত প্ৰৱল ভূমিস্খলন সংঘটিত হৈছে। বিগত দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ইষ্ট জয়ন্তীয়া হিলচ জিলাৰ লুমছুঙৰ কেবাঠাইতো সংঘটিত হৈছে ভূমিস্খলন।

পাহাৰৰ পৰা নামি অহা মাটি আৰু বোকা পানীয়ে ৬ নম্বৰ শিলচৰ- শ্বিলং- গুয়াহাটী ৰাষ্ট্ৰীয় ঘাই পথৰ কেইবা মিটাৰ অংশ খহাই পেলাইছে।ভূমিস্খলনৰ ফলত গুৰুত্বপুৰ্ণ ৰাষ্ট্ৰীয় পথটোত বন্ধ‌ হৈ পৰিছে যান বাহনৰ চলাচল।

ভূমিস্খলন সংঘটিত বিভিন্ন এলেকাত পথৰ ওপৰত আবদ্ধ হৈ পৰিছে বহু যান বাহন। সমান্তৰাল ভাবে পথৰ দুয়ো কাষতো অৱৰুদ্ধ হৈ পৰিছে শ শ যান বাহন।

ফলত বৰাক উপত্যকাৰ লগতে চুবুৰীয়া মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য দেশৰ বাকী অংশৰ সৈতে যাতায়ত বিচ্ছিন্ন হৈছে। ইফালে, পথছোৱা মুকলি কৰিবলৈ যুদ্ধকালীণ তৎপৰতাৰে কাম কৰি আছে জিলা প্ৰশাসন আৰু নিৰ্মাণ সংস্হাই।

পথ পুনৰ নিৰ্মাণ নোহোৱা পৰ্যন্ত পথ চোৱাৰে সকলো ধৰণৰ বাহন যানবাহনৰ চলাচল বন্ধ কৰি দিছে জিলা প্ৰশাসনে।