ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ ৬ নং শিলচৰ-শ্বিলং-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ... 
শিলচৰ

ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ ৬ নং শিলচৰ-শ্বিলং-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ: মেঘালয়ত পুনৰ ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে। চুবুৰীয়া ৰাজ্যখনৰ কুলিয়াং এলেকাত সংঘটিত হৈছে এই ভূমিস্খলন।‌ নিশাৰ পৰা হোৱা প্ৰৱল বৰষুণৰ ফলত পাহাৰৰ পৰা বোকা মাটি আৰু শিল খহি ৬ নম্বৰ শিলচৰ-শ্বিলং- গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ ৰূপে পুতি পেলাইছে।

ফলত সম্পূৰ্ণ বন্ধ হৈ পৰিছে ৬ নম্বৰ শিলচৰ-শ্বিলং-গুৱাহাটী ৰাষ্ট্ৰীয় পথ। ফলত বৰাকসহ চুবুৰীয়া ৰাজ্য মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰাম দেশৰ বাকী অংশৰ সৈতে পথ যোগাযাগ বিচ্ছিন্ন হৈ পৰিছে।

ভূমিস্খলনৰ ফলত পথছোৱাত কেবা শ যানবাহন আবদ্ধ হৈ পৰিছে। বিশেষকৈ যাত্ৰীবাহী বাহনৰ যাত্ৰীসকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে, বন্ধ হোৱা পথছোৱা মুকলি কৰিবলৈ ইষ্ট জয়ন্তীয়া হিলছ জিলা প্ৰশাসনে আৰু সংশ্লিষ্ট বিভাগে কাম আৰম্ভ কৰিছে।