শিলচৰ

কাছাৰত হেৰ'ইনসহ এজনক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ : কাছাৰৰ লক্ষীপুৰত পুনৰ হেৰ'ইন জব্দ কৰা হৈছে । গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰ আৰক্ষীয়ে এখন ইনোভা বাহনত তালাচী চলাই জব্দ কৰে হেৰ'ইন ভৰ্তি ৫টা চাবোনৰ বাকচ।

জানিব পৰামতে বাকচ কেইটাৰ পৰা মুঠ ৬৩.৬৮ গ্ৰাম হেৰʼইন জব্দ কৰা হয়। হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন সৰবৰাহকাৰীক।

ধৃত সৰবৰাহকাৰীজনৰ নাম জৈনুল হুছেইন লস্কৰ। জৈনুলৰ ঘৰ কাছাৰৰ ধলাই এলেকাৰ ভাগাবাজাৰ খাছপুৰত। জয়নুলৰ সৈতে ইনোভা বাহনখনো জব্দ কৰে আৰক্ষীয়ে।