শিলচৰ

কাছাৰত ৫০ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ : দুজনক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ : কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে বি এছ এফে। শিলচৰ-বদৰপুৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শ্ৰীকোণাত অভিযান চলাই বিএছএফে জব্দ কৰিছে ৬৪ হাজাৰ নিচাজাতীয় য়াবা টেবলেট।

AS 01 FT - 1802 নম্বৰৰ এখন Toyota Glanza বাহনত তালাচী চলাই জব্দ কৰা হয় এই বুজন পৰিমাণৰ টেবলেটখিনি। নিষিদ্ধ টেবলেট সৰবৰাহৰ অভিযোগত বিএছএফে দুজন সৰবৰাহকাৰীক আটক কৰিছে।

ধৃত লোক দুজন হৈছে খালিদ আহমেদ বৰভুঞা আৰু ছইফ উদ্দিন তালুকদাৰ। খালিদ আহমেদৰ ঘৰ শিলচৰ থানাৰ অন্তৰ্গত নিজ জয়নগৰ পেলাডহৰত।‌ ছইফ উদ্দিন কাটিগৰা থানাধীন চণ্ডীনগৰ ছইদপুৰ প্ৰথম খণ্ডৰ। জব্দ কৰা টেবলেটৰ মূল্য লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।