বিধ্বস্ত পথ নিৰ্মাণৰ দাবীৰে শিলচৰ-এছ এম চি হাস্পতাল পথ অৱৰোধ ক্ষোভিত ৰাইজৰ... 
শিলচৰ

বিধ্বস্ত পথ নিৰ্মাণৰ দাবীৰে শিলচৰ-এছ এম চি হাস্পতাল পথ অৱৰোধ ক্ষোভিত ৰাইজৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ: শিলচৰৰ এটা গুৰুত্বপূৰ্ণ পথে জ্বলাকলা খুৱাইছে শিলচৰবাসীক। শিলচৰ আৰু মেডিকেল‌ কলেজ হাস্পতাল তথা অসম বিশ্ববিদ্যালয় এন আই টি সংযোগী পথছোৱা দীৰ্ঘদিন ধৰি শোচনীয় হৈ পৰাত যমৰ যাতনা ভোগ কৰিব লগা হৈছে পথছোৱাৰে যাতায়ত কৰা লোকসকল।

বিশেষকৈ শিলচৰ মেডিকেল কলেজ‌ হাস্পতাল, অসম বিশ্ববিদ্যালয়, এন আই টি আৰু পলিটেকনিকলৈ অহা যোৱা কৰা ৰোগী আৰু ছাত্ৰ-ছাত্ৰীসকল ভীষণ সমস্যাত পৰিছে। পথছোৱাৰ মেহেৰপুৰত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ‌ গাতৰ সৃষ্টি হোৱাত প্ৰায় প্ৰতিদিনে বাইক স্কুটী আৰু ইৰিক্সাসমূহ দুৰ্ঘটনাৰ কবলত পৰিব লগা হৈছে ।

পথছোৱা মেৰামতি কৰিবলৈস্থানীয়‌ লোকে বাৰম্বাৰ প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগক আবেদন কৰাৰ পিচতো আজিলৈ কোনো ফল নধৰিলে।‌সেয়ে শুকুৰবাৰে পথ অবৰোধ কৰিবলৈ বাধ্য হৈছে স্থানীয় লোকসকল।

শিলচৰৰ বিধায়ক-সাংসদ হায় হায়, শিলচৰ প্ৰশাসন হায় হায়,শিলচৰ প্ৰশাসন মুৰ্দাবাদ , আমাক পথ লাগে আদি শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰে অৱৰোধকাৰীসকলে।‌ বৰাকৰ অতি গুৰুত্বপূৰ্ণ এই পথটোৰে বৰাকৰ লোকসকলে যাতায়ত কৰে। দুজন সাংসদ পৰিমল শুক্লবৈদ্য আৰু কৃপানাথ মাল্লাসহ বৰাকৰ ১৫ জন বিধায়কক হিয়া উজাৰি ভোট দিছে বৰাকবাসীয়ে।

কিন্তু জয়ী হোৱাৰ পিচত এইসকল জন প্ৰতিনিধিৰ এতিয়া ৰাইজৰ কাম কৰিবলৈ আহৰি নাই বুলি অভিযোগ প্ৰতিবাদকাৰীসকলৰ। বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ দিনটোত মন্ত্ৰী নন্দিতা গাৰ্লোছা, কাছাৰৰ জিলা আয়ুক্ত আৰু শিলচৰৰ বিধায়ক দীপায়ণ চক্ৰৱৰ্তী এই পথেৰে শিলচৰ মেডিকেল কলেজ হাস্পতাল‌য়লৈ গৈ চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহন কৰিছিল।

তেওঁলোকে পথটোৰ এই দুৰ্দশা দেখা নাছিল নেকি বুলিও প্ৰশ্ন প্ৰতিবাদকাৰীসকলৰ। জিলা আয়ুক্ত আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়া আহি পথছোৱা মেৰামতি নকৰা পৰ্যন্ত পথ অৱৰোধ প্ৰত্যাহাৰ নকৰে বুলি স্পষ্ট কৰি দিছে অৱৰোধকাৰীসকলে।