কাছাৰৰ সীমান্তৰ শ্লুইচ গেট পৰিদৰ্শন পীযুষ হাজৰীকাৰঃ বৰখোলাত জাতিংগা নৈৰ খহনীয়া ৰোধৰ আশ্বাস... 
শিলচৰ

কাছাৰৰ সীমান্তৰ শ্লুইচ গেট পৰিদৰ্শন পীযুষ হাজৰীকাৰঃ বৰখোলাত জাতিংগা নৈৰ খহনীয়া ৰোধৰ আশ্বাস...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কাছাৰ জিলাৰ কাতিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো শ্লুইচ গেট পৰিদৰ্শন কৰে। সমষ্টিটোত ভাৰত-বাংলাদেশ সীমান্তত ব'ৰ্ডাৰ ৰোডচ অৰ্গেনাইজেচ্যনে নিৰ্মাণ কৰা ছয়খন শ্লুইচ গেট জলসম্পদ বিভাগে ২০২২ চনৰ পৰা পৰিচালনা কৰি আছে।

আজি মন্ত্ৰীগৰাকীয়ে বলেশ্বৰ আৰু ফইস্কা শ্লুইচ গেট পৰিদৰ্শন কৰি বিভাগীয় অভিযন্তা আৰু স্থানীয় লোকৰ পৰা গেটকেইখনৰ বিষয়ে বুজ লয়। ছয়খন শ্লুইচ গেটৰ মুঠ ৪০ খন শ্বাটাৰৰ ৩৩ খন বৰ্তমানে কাৰ্যক্ষম হৈ থকাৰ বিপৰীতে ৭ খনৰ কাৰিকৰী বিসংগতিত কাৰ্যক্ষম হৈ থকা নাই। মন্ত্ৰীগৰাকীয়ে স্থানীয় লোকসকলক আশ্বাস প্ৰদান কৰি বাৰিষাৰ পাছতে এই শ্বাটাৰ কেইখন মেৰামতিৰ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে।

আনহাতে কাতিগড়া সমষ্টিত থকা ছয়খন শ্লুইছ গেট নিয়মীয়াকৈ চোৱা-চিতা কৰিবলৈ স্থানীয় ৰাইজৰ মাজত জিলা প্ৰশাসনে ছয়খন কমিটী গঠন কৰি দিব বুলি জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰে। পৰীক্ষামূলকভাৱে গঠন কৰিব লগা এই কমিটীসমূহে বিভাগীয় অভিযন্তা-কৰ্মচাৰীৰে সৈতে মিলি শ্লুইচ গেটসমূহ চোৱা-চিতা কৰি থাকিব আৰু কিবা অসুবিধা, বিজুতি প্ৰত্যক্ষ কৰিলে জলসম্পদ বিভাগৰ সংশ্লিষ্ট অভিযন্তাৰ জড়িয়তে মেৰামতিৰ ব্যৱস্থা কৰিব।

শ্লুইচ গেট চোৱা-চিতাৰ কামৰ বাবে কমিটীকেইখনক বিভাগে বাৰ্ষিক ২৫ ৰ পৰা ৫০ হাজাৰ টকাকৈ পুঁজি যোগান ধৰিব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। আজি পৰিদৰ্শনৰ সময়তে জলসম্পদ মন্ত্ৰীগৰাকীয়ে শীঘ্ৰে কমিটীকেইখন গঠন কৰি দিবলৈ জিলা আয়ুক্তক নিৰ্দেশনা প্ৰদান কৰে।

জলসম্পদ মন্ত্ৰীগৰাকীয়ে পাছত জিলাখনৰ বৰখোলাত উপস্থিত হৈ জাতিংগা নৈৰ খহনীয়া পৰিদৰ্শন কৰে। পৰ্যায়ক্ৰমে এই অঞ্চলত খহনীয়া ৰোধৰ বাবে কাম কৰা হ'ব বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক দুই কিল'মিটাৰ দৈৰ্ঘ্যৰ অংশত খহনীয়া ৰোধৰ কাম কৰিবৰ বাবে প্ৰাককলন সাজু কৰিবলৈ নিৰ্দেশ দিয়ে।