শিলচৰ

নিজ ভোটকেন্দ্ৰলৈ বুলি ৰাওনা শিলচৰৰ নিৰ্বাচনী বিষয়া-কৰ্মচাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ বুধবাৰে ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা ৮ নম্বৰ শিলচৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ‌ বাবে নিয়োজিত একাংশ ভোট কৰ্মীসকল নিজ নিজ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে। শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৭ টা বিধানসভা সমষ্টি ক্ৰমে শিলচৰ,সোণাই,ধলাই,লক্ষীপুৰ, উদাৰবন্দ,বৰখলা আৰু কাটিগড়াত শুকুৰবাৰে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব।

শিলচৰ লোকসভা সমষ্টিত এইবাৰ ১,৫৫১ টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। বুধবাৰে লক্ষীপুৰ,কাটিগড়া আৰু ধলাই বিধান সভা সমষ্টিৰ ৬১০টা ভোটকেন্দ্ৰলৈ ৰাওনা হয় ভোট কৰ্মীসকল।‌বাকী থকা উদাৰবন্দ,শিলচৰ,সোণাই আৰু বৰখলা সমষ্টিৰ অন্তৰ্গত ৯৪১ টা ভোট কেন্দ্ৰৰ বাবে বৃহস্পতিবাৰে ৰাওনা হ'ব কেন্দ্ৰ সমূহত নিয়োজিত বিষয়াসকল।

বুধবাৰে শিলচৰ ৰামনগৰস্থিত আই এছ বি টি আৰু আই এছ টি টিৰ পৰা ভোটগ্ৰহণ কৰ্মীসকলে ই ভি এম আৰু অন্যান্য ভোটগ্ৰহণ সামগ্ৰী লৈ গন্তব্য স্থানলৈ ৰাওনা হয়।

উল্লেখ্য যে ১৫৫১ টা ভোট কেন্দ্ৰৰ ভিতৰত কাটিগৰা,লক্ষীপুৰ আৰু ধলাইৰ অধীনত মুঠ ৬১০ টা আৰু শিলচৰ,বৰখলা আৰু উদাৰবন্দ সমষ্টিৰ অন্তৰ্গত ভোট কেন্দ্ৰৰ সংখ্যা হৈছে ৯৪১ টা।ভোটগ্ৰহণৰ‌ বাবে মুঠ ৭১৭২ গৰাকী ভোট কৰ্মী নিয়োজিত কৰা হৈছে। ইয়াৰ ভিতৰত পুৰুষ ভোটকৰ্মীৰ সংখ্যা ৬১৬৮ জন আৰু মহিলা ভোটকৰ্মীৰ সংখ্যা ৯৯৪ গৰাকী। ১২৯ গৰাকী চেক্টৰ অফিচাৰৰ বিপৰীতে ২৬ জন জ'নাল বিষয়াক নিয়োগ কৰা হৈছে। প্ৰতিটো ভোট কেন্দ্ৰতে দুজনকৈ নিৰাপত্তা কৰ্মী মোতায়ন কৰা হ'ব।

জিলা উপায়ুক্ত তথা জিলা ৰিটাৰ্নিং বিষয়া ৰোহন কুমাৰ ঝাই সদৰী কৰা মতে,শিলচৰ লোকসভা সমষ্টিত থকা ১,৫৫১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা ২১০ টা। এই কেন্দ্ৰ সমূহত মুঠ ১,১০০ মহিলা ভোট কৰ্মীয়ে ভোট গ্ৰহণ কৰিব। আনহাতে,দিব্যাংগ আৰু আদৰ্শ ভোটকেন্দ্ৰৰ সংখ্যা ক্ৰমে ৭ আৰু ১৬ টা। আইন-শৃংখলা পৰিস্থিতি চোৱা-চিতা কৰিবলৈ যথেষ্ট নিৰাপত্তাৰক্ষী মোতায়ন কৰা হৈছে বুলিও জানিবলৈ দিয়ে ৰিটাৰ্ণিং বিষয়া‌ তথা জিলা আয়ুক্তগৰাকীয়ে।