প্ৰতিনিধিত্বমূলক ফটো 
শিলচৰ

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত কয়দীয়ে ল'লে চৰমপন্থা

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ : শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত মঙলবাৰে এজন কয়দীয়ে আত্মহত্যা কৰা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।‌ জানিব পৰামতে, পুৱা প্ৰায় ১১-০০ বজাত কাৰাগাৰৰ ভিতৰত অৰ্ধনিৰ্মিত এটা ভৱনত‌ ডিঙিত গামোচাৰে চিপ লৈ আত্মহত্যাৰ পথ বাচি লয় কয়দীজনে।

আত্মহননৰ‌ পথ বাচি লোৱা কয়দীজনৰ নাম দিলোৱাৰ হুছেইন লস্কৰ । ২৯ বছৰীয়া দিলোৱাৰ হুছেইনৰ ঘৰ কচুদৰম বাউৰিকান্দি দ্বিতীয় খণ্ডত ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে তেঁওৰ বিৰুদ্ধে এগৰাকী ১৫ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰা বুলি যোৱা ২৬ ফেব্ৰুৱাৰীত কাছাৰৰ কচুদৰম থানাত এটি গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে সিদিনাই দিলোৱাৰক গ্ৰেপ্তাৰ কৰি আদালতৰ নিৰ্দেশত শিলচৰ কেন্দ্ৰীয় কাৰাগায়লৈ প্ৰেৰণ কৰিছিল।

পক্সো আইনৰ গোচৰত গ্ৰেপ্তাৰ হৈ তেতিয়াৰে পৰা কাৰাগাৰত বিচাৰাধীন কয়দী হিচাপে আছিল দিলোৱাৰ। কাৰাগাৰৰ ভিতৰত দিলোৱাৰে আত্মহত্যা কৰাৰ খবৰ পোৱাৰ পিচত কাৰাগাৰত শিলচৰ সদৰ থানাৰ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

প্ৰাথমিক তদন্তৰ পিচত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালয়লৈ প্ৰেৰণ কৰা হয়। কাৰা বিভাগৰ‌ এগৰাকী ডি আই জি শিলচৰ কাৰাগাৰত উপস্থিত হৈ নিজাববীয়াকৈ দিলোৱাৰ হুছেইনৰ মৃত্যুৰ তদন্ত কৰিব বুলি জানিব পৰা গৈছে।‌

ইফালে, ধৰ্ষণৰ মিছা গোচৰত দিলোৱাৰক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰা বুলি অভিযোগ দিলোৱাৰৰ পৰিয়ালৰ। এই মিচা অপবাদ সহিব নোৱাৰি আত্মহননৰ পথ বাচি লয় বুলি অভিযোগ পৰিয়ালৰ।