শিলচৰ

ৰামময় শিলচৰ চহৰ : মুখে মুখে জয় শ্ৰীৰাম ধ্বনিৰে শোভাযাত্ৰা

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ : অযোধ্যাৰ বহু প্ৰতিক্ষীত ৰাম মন্দিৰৰ শুভ উদ্বোধনৰ বাবে মাজতে আৰু এটা দিন বাকী। এই উপলক্ষে ইতিমধ্যে সমগ্ৰ দেশজুৰি এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে।

প্ৰভু শ্ৰীৰামক পূজা-অৰ্চনা কৰিবলৈও চাৰিওফালে প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে। শিলচৰতো ব্যাপক উৎসাহ দেখা গৈছে। বিজেপি, বজৰং দল, বিশ্ব হিন্দু পৰিষদ আদি বিভিন্ন সংগঠনৰ মাজত উচাহ দেখা গৈছে।

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে শুক্ৰবাৰে সন্ধিয়া শিলচৰত এক বিশাল ৰাম ভজন শোভাযাত্ৰা উলিওৱা হয়। শিলচৰৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তী, বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদসহ হিন্দু সংগঠনসমূহৰ উদ্যোগত এই শোভাযাত্ৰা উলিওৱা হয়। শিলচৰ জিলা ক্ৰীড়া সংস্থাৰ চৌহদৰ পৰা উলিওৱা এই শোভাযাত্ৰাত প্ৰায় ৫হাজাৰ পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।

এই শোভাযাত্ৰাত গুৱাহাটীৰ ভজন শিল্পী মনোজ পণ্ডিত আৰু ডিব্ৰুগড়ৰ দিশা বৰুৱাই ৰামৰ ভক্তিমূলক ভজন পৰিবেশন কৰি সকলোৰে মন জয় কৰে। ভজনৰ তালে তালে ৰামভক্তসকলে নৃত্য কৰি এক আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি কৰে। ইয়াৰ মাজে মাজে সকলোৰে মুখে মুখে কেৱল জয় শ্ৰীৰাম ধ্বনি। এক কথাত কবলৈ গ'লে সমগ্ৰ শিলচৰ চহৰ ৰামময় হোৱাৰ লগতে দ্বিতীয় অযোধ্যাত পৰিণত হয়।

ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে এই মেগা ৰাম ভজন শোভাযাত্ৰা উলিওৱা হয় বুলি সদৰি কৰিছে বিধায়ক দিপায়ন চক্ৰৱৰ্তীয়ে । ৰাম মন্দিৰ উদ্বোধনৰ দিনা শিলচৰৰ প্ৰতিটো মন্দিৰত বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰাৰ লগতে সন্ধিয়া প্ৰতিটো ঘৰতে দীপাৱালীৰ লেখীয়াকৈ বন্তি প্ৰজ্বলন কৰা হ'ব বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে।