শিলচৰ

শিলচৰত ৭৫ সংখ্যক গণৰাজ্য দিৱস পালন

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যৰ পৰিবহন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি আৰক্ষী, বিএছএফ,চি আৰ পি,গৃহৰক্ষী বাহিনী এন. চি. চি. স্কাউট গাইড আৰু বিভিন্ন স্কুল কলেজৰ , ছাত্ৰ-ছাত্ৰী সকলে প্ৰদৰ্শন কৰা কুজকাৱাজৰ অভিবাদন গ্ৰহন কৰে মন্ত্ৰী গৰাকীয়ে ৷

গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাইজৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰি কেন্দ্ৰী আৰু ৰাজ্য চৰকাৰে গ্ৰহন কৰা বিভিন্ন উন্নয়ণ মূলক আচঁনিৰ বিশদ তথ্য দাঙি ধৰে। লগতে চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে থকা সীমা সমস্যা, আলফা সহ বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সৈতে আলোচনা, জিহাদী , বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে গ্ৰহন কৰা পদক্ষেপৰ বিষয়ে বিশদ ভাবে উল্লেখ কৰে।

লগতে কাছাৰ জিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পৰ বিষয়েও সদৰি কৰে মন্ত্ৰী গৰাকীয়ে। অনুষ্ঠানত বিভিন্ন চৰকাৰী বিভাগ আৰু এনজিঅ' সমুহে বিভিন্ন বিষয়ৰ ওপৰত গ্ৰহন কৰা উন্নয়ণমুলক আচনিৰ তথ্য কেবাখনো সু সজ্জিত টেবলোৰ জৰিয়তে প্ৰদৰ্শন কৰে। অনুষ্ঠানত, যোগ, ব্যায়াম আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।