শিলচৰ

শোকাৱহ : ৰোগীয়া ভাতৃৰ খবৰ লৈ উভতাৰ পথতে দুৰ্ঘটনাত নিহত জ্যেষ্ঠ ভাতৃ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কাছাৰৰ শালচাপৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত আহত হৈ শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন কনিষ্ঠ ভাতৃৰ স্বাস্থ্যৰ বুজ লৈ ঘৰত উভতি যোৱাৰ সময়ত দুৰ্ঘটনাৰ কৱলত পৰি মৃত্যু হয় জ্যেষ্ঠ ভাতৃৰ ৷ দ্রুতবেগী চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। মৃত লোক জন অৱসৰপ্ৰাপ্ত শিক্ষক মৌলানা নূৰ ইছলাম ।

জানিব পৰা মতে, যোৱা কেইদিন পূৰ্বে এক দুৰ্ঘটনাত আহত হৈ শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে মৌলানা নূৰ ইছলামৰ কনিষ্ঠ ভাতৃ । আৰু ভাতৃৰ স্বাস্থ্যৰ বুজ লবলৈ শনিবাৰে বাইকেৰে মৌলানা নূৰ ইছলাম আৰু তেওঁৰ পত্নী মেডিকেল কলেজলৈ গৈছিল।

ভাতৃৰ স্বাস্থ্যৰ বুজ লৈ ঘৰত উভতি অহাৰ সময়ত শিলচৰ বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতগতিৰ ৱেগন'আৰ বাহনৰ লগত মৌলানা নূৰ ইছলামৰ বাইকৰ মুখামুখি সংঘৰ্ষ হয়। ফলত থিতাতে মৃত্যু হয় অৱসৰপ্ৰাপ্ত শিক্ষক মৌলানা নূৰ ইছলামৰ। লগতে গুৰুতৰ আহত হয় তেওঁৰ পত্নী।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহসহ আহত মহিলাগৰাকীক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। এই মৰ্মান্তিক দুৰ্ঘটনাৰ পাছত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ।