শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ কথমপি ৰক্ষা চালক, হেণ্ডিমেন... 
শিলচৰ

শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ কথমপি ৰক্ষা চালক, হেণ্ডিমেন...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰঃ মঙ্গলবাৰে শিলচৰৰ ৰামনগৰ বাইপাছত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ নিৰ্মাণৰ বাবে পিটছ কঢ়িয়াই নিয়া এখন টেংকাৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে।

মঙ্গলবাৰে পুৱা শিলচৰৰ ৰামনগৰ বাইপাছত সংঘটিত হোৱা এই দুৰ্ঘটনাত বাহনখনৰ চালক আৰু হেণ্ডিমেনগৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও দুয়োজন গুৰুতৰভাৱে আহত হয়। ইয়াৰ পাছতে স্থানীয় লোকে আহত দুয়ো চালক, হেণ্ডিমেনক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

ইফালে এই দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্তবাহনখন উদ্ধাৰ কৰি জব্দ কৰে।