শিলচৰ

দীৰ্ঘদিন ধৰি নিৰ্মাণ হোৱা নাই শিলচৰ-জয়ন্তীয়া সংযোগী পথ: ক্ষুব্ধ স্থানীয় ৰাইজ...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ শোচনীয় শিলচৰ-জয়ন্তীয়া গড়কাপ্তানি পথ মেৰামতিৰ দাবীত কাছাৰৰ বৰখলাত পথ অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছে ক্ষুদ্ধ স্থানীয় ৰাইজে।‌ অসম মালা আঁচনিৰ অধীনত নিৰ্মিয়মাণ পথটো দীৰ্ঘদিন ধৰি সম্পূৰ্ণ নোহোৱাত যমৰ যাতনা ভোগ কৰিব লগা হৈছে বৰখলা আৰু কাটিগৰা সমষ্টিৰ লোকসকলে।‌

পথৰ ওপৰত সৃষ্টি হোৱা পুখুৰী সদৃশ গাতসমূহৰ বাবে প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হয় এই পথচোৱাত। আনহাতে, কেইবাদিন ধৰি বৰষুণ দি থকাত সম্প্ৰতি পথটো কদৰ্যময় হৈ পৰিছে।‌ ফলত পথচাৰী, ৰোগী আৰু ছাত্ৰ-ছাত্ৰীসকল এই বোকাময় পথেৰে অহা যোৱা কৰিব লগা হৈছে। ইফালে, যান বাহন চলাচলৰ ক্ষেত্ৰত ভীষণ সমস্যাত পৰিছে বৰখলা আৰু কাটিগৰা সমষ্টিৰ লোকসকল।

পথটো শীঘ্ৰে মেৰামতিৰ বাবে ৰাইজে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট ঠিকাদাৰ আৰু গড়কাপ্তানি বিভাগক আবেদন নিবেদন কৰাৰ পিচতো কোনো ফল নোপোৱাত শেষত বাধ্য‌ হৈ বুধবাৰে পথ অবৰোধ‌ কৰে স্থানীয় ৰাইজে।‌ "অসম চৰকাৰ মুৰ্দাবাদ, স্থানীয় বিধায়ক মুৰ্দাবাদ, শিলচৰৰ সাংসদ মুৰ্দাবাদ আদি শ্লোগান পৰিস্হিতি উত্তাল কৰে অবৰোধকাৰীসকলে। অসম মালাৰ অধীনত পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰক আঁতৰাই অন্য ঠিকাদাৰক কামৰ দায়িত্ব দিয়াৰো দাবী জনায় প্ৰতিবাদী সকলে।