শিলচৰ

বিত্তীয় কেলেংকাৰীৰে নাম সাঙোৰ খোৱা সচিবক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ : দুৰ্নীতিৰ অভিযোগত কাছাৰত জি পি সচিব এগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। মঙলবাৰে কৃপা শংকৰ দত্ত নামৰ সচিবজনক গ্ৰেপ্তাৰ কৰে সোণাই আৰক্ষীয়ে।

জিলা পৰিষদৰ CEO ৰঞ্জিত কুমাৰ লস্কৰৰ এজেহাৰৰ ভিত্তিত সচিবজনক কৰা হয় বুলি জানিব পৰা গৈছে। প্ৰায় ২০ লাখ টকা আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় সচিবজনক। পোহৰলৈ অহা তথ্য অনুসৰি সোণাই ব্লকৰ কেবাটাও জিপিত সংঘটিত কৰিছিল আৰ্থিক কেলেংকাৰী।

সোণাইৰ স্বাধীন বাজাৰ জিপিৰ সচিবৰ দায়িত্বত থকা সময়ত সংঘটিত কৰিছিল এই দুৰ্নীতি। চতুৰ্থ বিত্ত আয়োগৰ অধীনত কোনো কাম নকৰাকৈ ১৭ লাখ ৩৫ হাজাৰ টকা আত্মসাৎ কৰিছিল সচিব কৃপা শংকৰ দত্তই। তদুপৰি, জলমিত্ৰসকলৰ বাবে মঞ্জুৰ কৰা ২.৫০ লাখ টকাও আত্মসাৎ কৰাৰ অভিযোগ সচিবজনৰ বিৰুদ্ধে। কৃপা শংকৰ দত্ত বৰ্তমান কালাইন ব্লকৰ মহাদেবপুৰ আৰু পাইকান দিগৰখাল জিপিৰ সচিবৰ দায়িত্বত আছে।