শিলচৰত পুনৰ কোভিডৰ আতংক... 
শিলচৰ

শিলচৰত পুনৰ কোভিডৰ আতংক...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰঃ শিলচৰৰ এগৰাকী ৭৩ বছৰীয়া মহিলাৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমান শিলচৰৰ এখন ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাধীন মহিলাগৰাকী।

ক্ৰনিক লিভাৰ ডিজিজ আৰু জ্বৰত আক্ৰান্ত হৈ শুকুৰবাৰে নাৰ্চিং হোমত ভৰ্তি হৈছিল মহিলাগৰাকী। শনিবাৰে RTPCR পৰীক্ষাত মহিলাগৰাকীৰ দেহত কোভিড পজিটিভ ধৰা পৰে।

মহিলাগৰাকী কোভিডত আক্ৰান্ত বুলি জিলা স্বাস্হ্য বিভাগে স্বীকাৰ কৰিছে। ডেৰ বছৰ পিছত কোভিডৰ উপস্হিতিত উদ্বিগ্ন স্বাস্হ্য বিভাগ। দেওবাৰৰ পৰা শিলচৰৰ চিভিল হাস্পতালত RTPCR টেষ্ট আৰম্ভ হ'ব বুলি সদৰি কৰিছে জিলা স্বাস্হ্য বিভাগে।

মহিলাগৰাকীৰ নমুনা জিনোম চিকোয়েঞ্চিঙৰ বাবে পশ্চিম বংগলৈ প্ৰেৰণৰ ব্যৱস্হা। SMCH ত শনিবাৰৰ পৰা আৰম্ভ হৈছে কোভিডৰ RTPCR পৰীক্ষা। শনিবাৰে দুজনক RTPCR পৰীক্ষা কৰা হয়। দুয়োজনৰে ৰিপোৰ্ট নিগেটিভ পোৱা গৈছে।