শিলচৰ

বাইক চোৰৰ সন্দেহত যুৱকক গণ প্ৰহাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কাছাৰৰ কাটিগড়া মোহনপুৰত সংঘটিত মৰেল পুলিচিঙৰ ঘটনা । বাইক চোৰৰ সন্দেহত এজন যুৱকক একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰে। মঙলবাৰে সংঘটিত হয় এই ঘটনা ।

জানিব পৰা মতে, আবজল হুছেইন নামৰ যুৱক জনে এখন পালচাৰ বাইক লৈ যোৱাৰ সময়ত একাংশ লোকে তেওঁক চোৱৰ সন্দেহ কৰি আটক কৰে আৰু গণ প্ৰহাৰ কৰেয কেৱল ইমানেই নহয় যুৱকজনৰ চুলি কাটিও দিয়ে ।

  একাংশৰ অভিযোগ কৰিমগঞ্জৰ বদৰপুৰৰ পৰা এখন পালচাৰ বাইক চুৰি হৈছিল আৰু চুৰিৰ বাইক লৈ আবজল নামৰ যুৱকজন মেঘালয় অভিমুখে যোৱাৰ সময়ত তেওঁক আটক কৰা হয় । ইপিনে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক জনক উদ্ধাৰ কৰি থানালৈ লৈ যায় । ঘটনা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।