শিলচৰ

হোষ্টেলৰ ৰান্ধনীত প্ৰহাৰ ছাত্ৰৰঃ ৩ নিৰাপত্তাৰক্ষীক নিলম্বন

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰ এনআইটিৰ মৰেল পুলিচিঙৰ ঘটনাক লৈ শৈক্ষিক প্ৰতিষ্ঠানখনৰ তিনিজন নিৰাপত্তাৰক্ষী (Security gaurd)ক চাকৰিৰ পৰা নিলম্বন কৰিলে ভ্যানগাৰ্ড চিকিউৰিটি চাৰ্ভিছ কৰ্তৃপক্ষই ।

নিলম্বন কৰা বিষয়া কেইজন ক্ৰমেঃ ইবুংগো য়াইমা সিনহা,, ৰাজ কুমাৰ নুনিয়া আৰু অনিল নুনিয়া । উল্লেখ শিলচৰ এনআইটিৰ ৯নং হোষ্টেলত বুধবাৰে নিশা তিনি গৰাকী ৰান্ধনীক মোবাইল চুৰিৰ অভিযোগ দলবদ্ধ আক্ৰমণ কৰিছিল একাংশ গুণ্ডাৰূপী ছাত্ৰই। সেই সময়ত ঘটনাস্থলীত উপস্থিত আছিল নিলম্বিত হোৱা তিনি গৰাকী নিৰাপত্তাৰক্ষী ৷

তেওঁলোকৰ চকুৰ সন্মুখতেই তিনি ৰান্ধনীক নিৰ্মম অত্যাচাৰ কৰা হৈছিল যদিও নীৰৱ দৰ্শক হিচাপে আছিলে তিনিওজন। যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই তিনিওকে নিলম্বন কৰাৰ সিদ্ধান্ত লয়।