নতুন পৰিবহন আইনৰ বিৰুদ্ধে শিলচৰৰ টেংকাৰ, ট্ৰাক চালকৰ প্ৰতিবাদ... 
শিলচৰ

নতুন পৰিবহন আইনৰ বিৰুদ্ধে শিলচৰৰ টেংকাৰ, ট্ৰাক চালকৰ প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰঃ নতুন পৰিবহন আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ মুখৰ হৈ পৰিছে চালকসকল। সমান্তৰালভাৱে অসমতো প্ৰতিবাদত নামিছে চালকসকল।‌

এইবাৰ কাছাৰ জিলাৰ বৰখলাস্হিত গেছ বটলিঙৰ সন্মুখত ৰন্ধন গেছ সৰবৰাহ কৰা টেংকাৰ আৰু ট্ৰাকৰ চালকসকলে এই আইনখনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। প্ৰায় চাৰে ৩০০ চালকে তেওঁলোকৰ গাড়ীৰ চাবি গাড়ীৰ গৰাকীক গতাই দি ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

চালকসকলৰ বিৰুদ্ধে গ্ৰহন কৰা এই ক'লা আইনখন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত চালকসকলে গাড়ী নচলাই বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে।