অসম বিশ্ববিদ্যালয়‌ত স্থাপন হ'ল বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি... 
শিলচৰ

অসম বিশ্ববিদ্যালয়‌ত স্থাপন হ'ল বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি...

অসম সাহিত্য সভাৰ সভাপকি ড০ সূৰ্যকান্ত হাজৰিকাই কৰিলে উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ: অবশেষত ২৬ বছৰীয়া দাবীৰ অন্তত অসম বিশ্ববিদ্যালয় চৌহদত স্থাপন হ'ল উত্তৰ পূৱৰ অন্যতম স্বাধীনতা যুঁজাৰু বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি। অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ গোটৰ উদ্যোগত মণিপুৰী বিভাগৰ ভৱনৰ ওচৰত সোমবাৰে আনুষ্ঠানিক ভাবে টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰে অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ৰাজীব মোহন পন্টে।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই মূৰ্তিৰ প্ৰবেশদ্বাৰৰ দ্বাৰ উন্মোচন কৰে। ইয়াৰ পিচত উত্তৰ পূৱৰ স্বাধীনতা সেনানী বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অৰ্পণ কৰি বীৰ জনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়।

মূৰ্তি উন্মোচনৰ পিছত বিশ্ববিদ্যালয়ৰ বিপিন চন্দ্ৰ‌ পাল সভাগৃহত আয়োজিত মুকলি সভাৰো উন্মোচন কৰে সাহিত্য সভাৰ সভাপতিগৰাকীয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাহিত্য সভাৰ সভাপতিগৰাকীয়ে কয় যে অসম বিশ্ব বিদ্যালয় চৌহদত বীৰ টিকেন্দ্ৰজিতৰ মূৰ্তি প্ৰতিষ্ঠা কৰা দিনটো অকল অসমৰ বাবেই নহয়, সমগ্ৰ ভাৰতৰ বাবে এটা গৌৰৱৰ দিন। দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া উত্তৰ পূৱৰ স্বাধীনতা সেনানীসকলৰ বিষয়ে এতিয়াও ভাৰতৰ বহু লোকে নাজানে বুলিও উল্লেখ কৰে ড০ হাজৰিকাই।

তেওঁ কয়, আজিৰ বিজ্ঞানৰ যুগত এই বীৰসকলৰ তথ্যসমূহ বিভিন্ন মাধ্যমত প্ৰকাশ কৰিব লাগে। অসম বিশ্ববিদ্যালয়ৰ দৰে কলিকতা আৰু দিল্লীতো বীৰ টিকেন্দ্ৰজিতৰ মূৰ্তি প্ৰতিষ্ঠা হ'ব লাগে বুলিও কয় অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে।

বিশ্ববিদ্যালয় চৌহদত টিকেন্দ্ৰজিতৰ মূৰ্তি প্ৰতিষ্ঠা হোৱাৰ পিছত তেওৰ আদৰ্শত বিশ্ববিদ্যালয়ৰ ছাত্ৰ, ছাত্ৰী আৰু নৱপ্ৰজন্ম উদ্বুদ্ধ হ'ব বুলিও আশা প্ৰকাশ কৰে ড০ হাজৰিকাই।‌ অনুষ্ঠানত বৰাক-বংগ সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ কাছাৰ জিলাৰ সভাপতি সঞ্জীৱ দেব লস্কৰসহ মণিপুৰী সাহিত্য সভাসহ বিভিন্ন সংগঠনৰ নেতৃবৰ্গই অংশ গ্ৰহণ কৰে।

ইফালে, সুদীৰ্ঘ ২৬ বছৰীয়া দাবীৰ পিচত অসম বিশ্ববিদ্যালয় চৌহদত বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ বাবে স্থান আৰু অনুমতি দিয়াৰ বাবে উপাচাৰ্য ৰাজীৱ মোহন পন্ট আৰু অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ বাবে সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাক ধন্যবাদয় জনায় বিশ্ববিদ্যালয়ৰ মণিপুৰী ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত সিংহই।