শিলচৰ

শিলচৰতো ট্ৰাক চালকৰ প্ৰতিবাদ : ভয়ংকৰ আন্দোলন গঢ়ি তোলাল হুংকাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ : মটৰ শ্ৰমিকসকলৰ যৌথমঞ্চই আহ্বান দিয়া বাণিজ্যিক বাহনৰ ৪৮ ঘন্টীয়া চকা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে শিলচৰত। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে শিলচৰৰ ট্ৰাক চালকসকলে ৰামনগৰস্থিত ভাৰতীয় খাদ্য নিগমৰ (এফ চি আই) গোডামৰ সন্মুখত শতাধিক ট্ৰাক চালকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা চালক বিৰোধী এই ক'লা আইন প্ৰত্যাহাৰ নকৰিলে ভবিষ্যতে আৰু ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে।