শিলচৰ

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুজন দালালক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ : সম্প্ৰতি দালালৰ শক্তিশালী ঘাটিত পৰিণত হৈছে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল। SMCH কৰ্তৃপক্ষৰ দুৰ্বলতাৰ সুযোগ লৈ‌ হাস্পতালখনত বৰ্তমান টিঘিলঘিলাই ফুৰিছে বৃহৎ দালাল চক্ৰ।

দালালৰ দপদপনিত সৰ্বশ্ৰান্ত হ'ব লগা হৈছে ৰোগী আৰু ৰোগীসকলৰ অভিভাৱক। ব্লাড বেংকৰ পৰা তেজ সংগ্ৰহ কৰি দিয়াৰে পৰা ৰেডিওল'জি বিভাগত এক্স-ৰেসহ MRI পৰীক্ষা কৰি দিয়া আৰু কেন্দ্ৰীয় পৰীক্ষাৰৰ পৰা ৰিপ'ৰ্ট লৈ দিয়া সকলোতে দালালৰ দপদপনি চলি থকা বুলি এক সূত্ৰে জানিব পৰা গৈছে ।

হাস্পতালৰ বিছনাত চটফটাই থকা সংকটজনক ৰোগীৰ বাবে তেজ‌ বিচাৰি ঘন্টাৰ পিচত ঘন্টা ধৰি দীঘলীয়া লাইন পাতিব লগা হয় ৰোগীৰ অভিভাৱক। তথাপি সময় মতে তেজ নাপায় ৰোগীয়ে।‌ কিন্তু দালালৰ জৰিয়তে গ'লে ৫মিনিটৰ ভিতৰতে পোৱা যায় তেজসহ অন্যান্য সুবিধা।

এক ইউনিট তেজ লাভ কৰিবলৈ ৰোগীৰ অভিভাৱকে দালালক আদায় দিব লাগিব ৫ৰ পৰা ৬ হাজাৰ টকা। এইদৰে তেজ সংগ্ৰহ কৰি দিয়াৰ নামত ৰোগীৰ অভিভাৱকৰ সৈত দৰদাম কৰাৰ সময়ত হাতেলোটে দুজন দালালক আটক কৰে কৰ্তব্যৰত আৰক্ষী আৰু গৃহৰক্ষীৰ জোৱানে।

৬ হাজাৰ টকাৰ বিনিময়ত এক ইউনিট তেজ দিয়াৰ বাবে দৰদাম কৰাৰ সময়তে হাতেলোটে আটক কৰা হয় দুই দালাল মলয়‌ সূত্ৰধৰ আৰু বংশীলাল ৰবিদাসক। দুয়োজনৰ ঘৰ মেহেৰপুৰৰ পাচঘৰীত। পিচত দুয়োজনকে ঘুংগুৰ আৰক্ষী চকীত গতাই দিয়া হয়।

অকল, ব্লাড বেংকতে নহয়, SMC হাস্পতালৰ ৰেডিওল'জি আৰু কেন্দ্ৰীয় পৰীক্ষাগাৰতো গঢ়ি উঠিছে দালালৰ শক্তিশালী ঘাটি। অতিৰিক্ত ধন লৈ তেজসহ অনান্য পৰীক্ষাৰ ৰিপ'ৰ্ট দিয়াৰ অভিযোগত কেন্দ্ৰীয় পৰীক্ষাগাৰৰ ছয় জন কৰ্মচাৰীক চাকৰিৰ পৰা বহিস্কাৰ কৰিছিল SMCH কৰ্তৃপক্ষই।

ইয়াৰ পিচত ৰেডিওল'জি বিভাগত SMCHৰ‌ বাহিৰৰ ৰোগীক MRI আৰু এক্স-ৰে কৰি দি লাখ লাখ টকা আদায় কৰি আহিছে ৰেডিওল'জি বিভাগত কৰ্মৰত একাংশ টেকনিছিয়ানে। ইতিমধ্যে এই বৃহৎ দুৰ্নীতি উচ্চ পৰ্যায়ৰ তদন্ত কৰি থানাত গোচৰো ৰুজু কৰি SMC কৰ্তৃপক্ষই।