শিলচৰ

প্লেছমেন্ট চেন্টাৰৰ নামত নাৰী সৰবৰাহকাৰী!

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ ভিন্ন নামকৰা হাস্পতালত নাৰ্ছৰ চাকৰি দিয়া প্ৰলোভনেৰে নাৰীসৰবৰাহৰ অভিযোগ শিলচৰস্থিত ভ্যালুয়াৰ ফ্যাবটেক্স প্ৰাইভেট লিমিটেড প্লেছমেন্ট চেন্টাৰটোলৈ। চাকৰি দিয়াৰ প্ৰলোভনেৰে দিল্লীলৈ লৈ গৈছিল বৰাকৰ ৩০ জনীৰো অধিক শিক্ষিত যুৱতীক ৷

যশোদা হাস্পতালত নাৰ্ছৰ কামত নিয়োজিত কৰাৰ কথা দি যোৱা ১৫ ফেব্ৰুৱাৰীত দিল্লীলৈ লৈ যোৱা হৈছিল যুৱতীসকলক ৷ দিল্লীলৈ লৈ যোৱাৰ পাছত গোপনত লৈ যোৱা হয় হৰিয়ানাৰ কাপাসেৰা চহৰত ৷ কাপাসেৰা চহৰৰ পতিতালয়ত ৰখা হয় কেইগৰাকীমান যুৱতীক ৷ বাকীসকলক গাজিয়াবাদলৈ লৈ যোৱা হয় ৷

তথ্য অনুসৰি নাৰ্ছৰ চাকৰি দিয়াৰ প্ৰলোভনেৰে দিল্লী লৈ যোৱা হৈছিল তেওঁলোকক ৷ তাৰ আগতে ৰীতিমত শিলচৰৰ আশ্ৰমৰোডস্থিত প্লেছমেন্টাৰ কাৰ্যালয়ত কেইবা মাহ ধৰি নাৰ্ছিঙৰ ট্ৰেনিং দিয়া হৈছিল যুৱতীসকলক ৷ যুৱতীসকলক উত্তৰপ্ৰদেশৰ গাজিয়াবাদলৈ নি বিভিন্ন অনৈতিক কামত ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছিল ৷ অৱশেষত ১৯ জনী যুৱতী পলাই আহি শিলচৰত উপস্থিত হৈছে ৷ বাকী ১১ জনী এতিয়াও গাজিয়াবাদত আছে বুলি জানিবলৈ দিয়ে।

সোমবাৰে এই ঘটনাৰ সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষকৰ ওচৰত প্লেচমেন্ট চেন্টাৰৰ বিৰুদ্ধে অভিযোগ তৰিছে ভুক্তভোগী যুৱতীসকলে ৷ হাস্পতালত চাকৰি দিয়াৰ প্ৰলোভনেৰে তেওঁলোকক বিক্ৰী কৰাৰ পৰিকল্পনা আছিল বুলি অভিযোগ যুৱতীসকলৰ ৷ গাজিয়াবাদ ,হৰিয়ানাত আৱদ্ধ থকা বৰাকৰ যুৱতী সকলক উদ্ধাৰৰ আৰ্জি জনাইছে ভুক্তভোগী অহা যুৱতীসকলে ৷

আনহাতে সম্পূৰ্ণ অভিযোগ অস্বীকাৰ কৰিছে শিলচৰস্থিত প্লেচমেন্ট চেন্টাৰৰ কৰ্তৃপক্ষই ৷ ইচ্ছাকৃতভাবে তেওঁলোকক বদনাম কৰা চেষ্টা কৰা হৈছে বুলি প্লেছমেন্ট চেন্টাৰৰ কৰ্মী সকলে অভিযোগ কৰিছে ৷