অসম

কোকৰাঝাৰত বিপিএফৰ উদ্যোগত মৌন সমদল

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ : মণিপুৰত মহিলাক বিৱস্ত্ৰা কৰি ৰাজপথত সমদল উলিয়াই মানৱ সমাজক লজ্জানিত কৰা ঘটনাৰ প্ৰতিবাদত আজি সন্ধিয়া বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰত বিপিএফৰ মহিলা গোটৰ উদ্যোগত এক সমদল বাহিৰ হয় ৷ বিপিএফৰ মহিলা গোটৰ উদ্যোগত চহৰৰ মাজমজিয়াত বিশাল মৌন সমদল বাহিৰ কৰে ৷

হাতে হাতে মোবাইল ফোনৰ টৰ্চলৈ সমদলকাৰী সকলে পদব্ৰজে চহৰৰ জে ডি ৰোড , আৰ এন বি ৰোড হৈ ভিআইপি পথেৰে জিলা উপাযুক্ত কাৰ্যালয়ত উপস্থিত হয় আৰু অশান্ত মণিপুৰ অঞ্চলৰ শান্তি বৰ্তাই ৰখাৰ দাবীত পাঁচদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

ইপিনে সমদলৰ অন্তত প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত শক্তিশালী চৰকাৰ থাকোতে এখন ৰাজ্যৰ নাৰীক উলংগ কৰি ৰাজপথত সমদল কৰা হৈছে বুলি মন্তব্য কৰে। তেওঁ কয় যে মণিপুৰ কাণ্ডত ভাৰত চৰকাৰ বহি থকাটো উচিত হোৱা নাই ।

ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব পাৰে কিন্তু শক্তিশালী কেন্দ্ৰীয় চৰকাৰ থকাৰ পিছতো কিয় নিয়ন্ত্ৰণ হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰি যিসকলে মণিপুৰ কাণ্ড দেখাৰ পিছতো বহি আছে তেওঁলোকক গৰিহণা দিয়ে প্ৰমিলা ৰাণী ব্ৰহ্মই । মহিলা ৰাষ্ট্ৰপতি থাকোতে মহিলাৰ ওপৰত অত্যাচাৰ হৈছে আৰু মহিলাসকল শোষণ-বঞ্চনাৰ বলি হৈছে আৰু ন্যায় পোৱা নাই বুলি উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই মণিপুৰৰ বিষয়টোক লৈ ৰাষ্ট্ৰপতিক কঠোৰ ব্যৱস্থা লবলৈ আহ্বান জনায় ।

উল্লেখ্য যে বিপিএফৰ জিলা সভাপতি দেৰহাছাৎ বসুমতাৰীয়ে পতাকা জোকাৰি শুভৰাম্ভ কৰা সমদলত বিপিএফৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ম , বিপিএফৰ মহিলা গোটৰ কেন্দ্ৰীয় সভানেত্ৰী সুপ্ৰিয়া ৰানী ব্ৰহ্ম আৰু সম্পাদিকা কানন বালা বসুমতাৰী ,জিলা মহিলা গোটৰ সভানেত্ৰী ভাৰতী বসুমতাৰী আৰু সম্পাদিকা ৰমা দেৱী ছেত্ৰী উপস্থিত আছিল ৷ প্ৰণিধানযোগ্য যে কোকৰাঝাৰস্থিত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যালয়ত মণিপুৰ কাণ্ডত নিহত হোৱাসকলৰ স্মৃতিত আজি বিপিএফ দলে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।