অসম

শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনাৰ ৰূপালী জয়ন্তীৰ উদযাপন সমিতি গঠন

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ শিক্ষানুৰাগী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত ঢকুৱাখনা নগৰত ১৯৯৮ চনতে প্ৰাণ প্ৰতিষ্ঠা হৈছিল শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা। বিগত ২৫ বছৰীয়া বৰ্ণিল বিদ্যায়তনিক পৰিক্ৰমাত বৌদ্ধিক আৰু শৈক্ষিক উত্তৰনেৰে নিজৰ নাম স্বৰ্ণিল আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱা মহাবিদ্যালয়খনৰ এই বিদ্যায়তনিক যাত্ৰা বৰ্ষজোৰা কাৰ্যসূচীৰে উদযাপনৰ হেতু  দেওবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় মহাবিদ্যালয় প্ৰেক্ষাগৃহত।

প্ৰবীণ শিক্ষাবিদ ভোলা নাথ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ চন্দ্ৰ বৰাই। বিশিষ্ট নাগৰিক ভুৱন চমুৱা, পূৰ্ণ লাহন , বিদ্যা দত্ত, প্ৰবীণ শিক্ষাবিদ পূৰ্ণানন্দ গগৈ, হেম বৰুৱা, প্ৰমোদ চন্দ্ৰ দত্ত, মিঠাৰাম চেতিয়া, হেমেশ্বৰ পেগু, শিক্ষাবিদ দুলুমনি শইকীয়া, শিক্ষানুৰাগী ৰাইজ, মহাবিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক প্ৰশিক্ষক প্ৰশিক্ষাৰ্থী, কৰ্মচাৰী উপস্থিত থকা সভাত আগন্তুক ৰূপালী জয়ন্তী বৰ্ষটি উদযাপন কৰিবৰ বাবে এখন উদযাপন সমিতি গঠনৰ পোষকতা কৰা হয় ।  সভাত অৱসৰ প্ৰাপ্ত শিক্ষাবিদ, মিঠাৰাম চেতিয়া, বিশিষ্ট নাগৰিক হেমেশ্বৰ পেগু, পুষ্পাঞ্জলী গগৈ, হেম বৰুৱা, হেমচন্দ্ৰ হাজৰিকা, কুশল গোঁহাই আদিয়ে পৰামৰ্শ মূলক বক্তব্য আগবঢ়াই ।

সভাত জয়ন্তীৰ সফল উদযাপনৰ লক্ষ্যৰে এখন উদযাপন সমিতি আৰু ১০ খন উপ সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুক্ৰমে মুখ্য উপদেষ্টা হিচাবে বিধায়ক নৱ দলে, ভোলা নাথ গগৈ, উপদেষ্টা হিচাবে মহকুমাধিপতি অৰিন্দম বৰুৱা, মানস জ্যোতি নেওগ, সভাপতি হিচাবে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈ, উপ সভাপতি হিচাবে পূৰ্ণ লাহন, মিঠাৰাম চেতিয়া, হেম বৰুৱা, হেমেশ্বৰ পেগু, সম্পাদক হিচাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ চন্দ্ৰ বৰা, সহকাৰী সম্পাদক হিচাবে মহাবিদ্যালয় কৰ্মচাৰী চন্দ্ৰজিত শইকীয়া আৰু প্ৰশিক্ষক নৱ জ্যোতি শইকীয়া, বিত্ত সম্পাদক হিচাবে মহাবিদ্যালয় কৰ্মচাৰী বুবুল দত্ত , প্ৰচাৰ সম্পাদক হিচাবে  মহাবিদ্যালয়ৰ কৰ্মচাৰী পাপু বৰুৱা, কাৰ্য্যালয় সম্পাদক হিচাবে মহাবিদ্যালয়ৰ কৰ্মচাৰী আকাশ জ্যোতি লাহন আদিক লৈ এখন ৩১ জনীয়া শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়।

তাৰোপৰি স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি হিচাবে প্ৰশিক্ষক ডঃ সুৰজিত দলে, সম্পাদক হিচাবে প্ৰশিক্ষক সংগীতা শইকীয়া, সদস্য হিচাবে প্ৰশিক্ষক দীপশিখা দত্ত, লক্ষ্যজ্যোতি নাথ আৰু প্ৰশিক্ষাৰ্থী মৌচুমী গগৈ হাতীবৰুৱাৰ নাম সৰ্বসন্মত ভাবে  মনোনিত কৰা হয় ।

সভাত উপস্থিত শিক্ষানুৰাগী ৰাইজৰ সহমতৰ ভিত্তিত আদৰণি উপ সমিতি  খাদ্য উপ সমিতি, সাংস্কৃতিক উপ সমিতি, সাংস্কৃতিক শোভাযাত্ৰা উপ সমিতি, বিত্ত সমিতি উপ সমিতি , মঞ্চ,মণ্ডপ পোহৰ তোৰণ উপ সমিতি, স্বেচ্ছাসেৱক উপ সমিতি, প্ৰাক্তন প্ৰশিক্ষাৰ্থী সন্মিলনী উপ সমিতি ,প্ৰচাৰ আৰু যোগাযোগ উপ সমিতি গঠন কৰি পৰৱৰ্তী সময়ত উদযাপন সমিতিৰ বৈঠকত অন্যান্য পদত বিশিষ্ট ব্যক্তি সকলক অধিস্থিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাতেই চলিত বৰ্ষৰ ২৫ মাৰ্চ শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে জয়ন্তীৰ শুভাৰম্ভ কৰি সামৰণি অনুষ্ঠান তিনি দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰে অহা ৬, ৭ আৰু ৮ অক্টোবৰ শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰে অনুষ্ঠিত কৰাৰ সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সভাতেই অহা ৩ মাৰ্চ বুধবাৰে দিনৰ ২ বজাত উদযাপন সমিতিৰ প্ৰথমখন বৈঠক মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াক উক্ত সভাত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে সম্পাদক ডঃ প্ৰদীপ চন্দ্ৰ বৰাই।