জামুগুৰিহাটত শিশুমেলা সম্পন্ন

গৰম বন্ধত ছাত্ৰ-ছাত্ৰীয়ে ঘৰত কৰিব লগা কামৰ দিহা পৰামৰ্শ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত শিশুমেলা সম্পন্ন

ডিজিটেল সংবাদ,জামুগুৰিহাট: জামুগুৰিহাটৰ তৌভঙাৰ নবিল প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হয় শিশু মেলা ৷ নদুৱাৰ শিক্ষা খণ্ডৰ অধীনৰ শিশু পৰ্যবেক্ষক মাধুৰ্য্য ভূঞাই অনুষ্ঠানটিত পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰে।

তেওঁ শিশুসকলৰ লগতে অভিভাৱকসকলক গৰমৰ বন্ধৰ দিনবোৰত ঘৰত কৰিব লগা কাম তথা শিশুৰ শৈক্ষিক শাৰিৰিক, মানসিক দিশসমূহৰ সন্দৰ্ভত ল'ব লগা যত্ন সন্দৰ্ভত বিষদ বিৱৰণী দাঙি ধৰে ৷ এই শিশু মেলাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানটিত গাঁৱখনৰ বিশিষ্ট সমাজকৰ্মী তথা বিদ্যালয়খনৰ ভূমি দাতা ভৱানন্দ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। এনে অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে আজৰি সময়ত কৰিব লগা কাম সম্পৰ্কে জ্ঞান লাভ কৰিব বুলি মন্তব্য কৰে ৷

Also Read: পদত্যাগ কৰিব মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে...

jamugurihat