শিৱসাগৰ

শিৱসাগৰৰ পেট্ৰ'ল পাম্পত অঘটন ! দুৱাৰ ভাঙি ৫/৬ জনীয়া দলে উঠাই নিলে কৰ্মচাৰীক

Asomiya Pratidin

ডিজিটেল সংবাদ,শিৱসাগৰ : শিৱসাগৰ চহৰৰ এটা তেল ডিপোৰ কাৰ্যালয়ৰ দুৱাৰ ভাঙি ৫/৬ জনীয়া দলে তেল ডিপোৰ এজন কৰ্মচাৰীক উঠাই নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। চহৰৰ মাজমজিয়াৰ ষ্টেচন চাৰিআলিত সংঘটিত এই অপহৰণকাণ্ডই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বুধবাৰে বিয়লি প্ৰায় ৫-০০ বজাত ষ্টেচন চাৰিআলিস্থিত ইণ্ডিয়ান অইলৰ ডামানী নামৰ তেল ডিপোত ৫-৬ জনীয়া এটা দল প্ৰৱেশ কৰি ডিপুটোৰ গাণনিক দীপ গগৈক অপহৰণ কৰি লৈ যায়। উল্লেখ্য যে দীপ গগৈক অপহৰণৰ পূৰ্বে সুভাষ আগৰৱাল নামৰ ব্যৱসায়ীজনৰ মালিকনাধীন তেল ডিপোটোৰ দুৱাৰ ভাঙি কাৰ্যালয়ত প্ৰৱেশ কৰে দলটোৱে।

প্ৰতক্ষদৰ্শী ভাষ্যৰ মতে দীপ গগৈক কাৰ্যালয়টোৰ পৰা উঠাই লৈ যোৱা দলটোত ৫-৬ জন যুৱক আছিল । দীপ গগৈক লৈ যোৱা ঘটনাত গুজৰাটৰ মনিষ প্ৰজাপতি নামৰ এগৰাকী ব্যক্তি জড়িত আছে বুলি জানিব পৰা গৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ডিপুটোৰ স্বত্বাধিকাৰী সুভাষ আগৰৱালাই গুজৰাটত তৈলখনন কৰা ব্যক্তিগত ৰীগ স্থাপনৰ সময়তে মনিষ প্ৰজাপতিৰ লগত চিনাকী আৰু ব্যৱসায়িক লেনদেন হৈছিল। পৰৱৰ্তী সময়ত গুজৰাটস্থিত ৰিগটো সুভাষ আগৰৱালাই বন্ধ কৰি দিয়ে যদিও মনিষ প্ৰজাপতিক কিছু ধন দিবলৈ আছিল ৷

উক্ত ধনৰ বাবেই আজি কাৰ্যালয়ৰ দুৱাৰ ভাঙি মনিষ প্ৰজাপতিৰ লগত অহা ৫-৬জনীয়া এটা দলে লৈ যায় দীপ গগৈ নামৰ গাণনিকগৰাকীক। ডিপোটোৰ মালিক পক্ষৰ ফালৰ পৰা শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

উক্ত ঘটনাৰে অভিযুক্ত মনিষ প্ৰজাপতি গুজৰাটৰ স্থায়ী বাসিন্দ হ'লেও বিগত ৪-৫ বছৰ ধৰি শিৱসাগৰত বসবাস কৰি আছিল ৷ পোহৰলৈ অহা খবৰ অনুসৰি তেল ডিপোটোৰ গৰাকী সুভাষ আগৰৱালাৰ লগত ধনৰ লেনদেন সম্পৰ্কত আজি বিয়লি ৫-৩০বজাত মনিষ প্ৰজাপতিয়ে এক আলোচনাত মিলিত হোৱাৰ কথা আছিল।

শেহতীয়াভাৱে লাভ কৰা তথ্য অনুসৰি দীপ গগৈক চুণপোৰাৰ এটা স্থানত মনিষ প্ৰজাপতি আৰু দলটোৱে এৰি থৈ যায় ৷ সম্প্ৰতি দীপ গগৈক শিৱসাগৰ সদৰ থানালৈ আৰক্ষীয়ে লৈ অনাৰ লগতে ঘটনাৰ সম্পৰ্কত সোধা-পোছা অব্যাহত ৰাখিছে।