শিৱসাগৰ

'পীযুষ হাজৰীকা এজন অত্যন্ত কৰ্মদক্ষ মন্ত্ৰী'- অখিল গগৈ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অনুৰোধত দেওবাৰে ৰাজ্য চৰকাৰৰ জল সম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শনকালত দুটা মূল প্ৰতিশ্ৰুতি ক্ৰমে দিখৌ আৰু দিচাঙৰ দুয়োটা মথাউৰি সবলীকৰণৰ বাবে প্ৰায় ২০ কোটি টকাৰ লগতে ব্ৰহ্মপুত্ৰৰ অফলা অংশটোৰ কাৰণে ৬ কোটি টকা আবণ্টন দিয়াৰ কথা প্ৰকাশ কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে।

দুয়োটা কামৰ বাবে মন্ত্ৰী পীযুষ হাজৰীকাক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক অখিল গগৈয়ে। লগতে বিশ্ব বেংক আৰু এডিবিক যি ২৭০ কোটি টকাৰ বৃহৎ গৰাখহনীয়া প্ৰতিৰোধ প্ৰকল্পৰ প্ৰস্তাৱ আগবঢ়াইছিল, সেই প্ৰকল্পৰ কামো দ্বিতীয় পৰ্যায়ত আবণ্টন দিয়াৰ কথা প্ৰকাশ কৰাত মন্ত্ৰীগৰাকীক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰে বিধায়ক অখিল গগৈয়ে। সাংবাদিকৰে হোৱা মত-বিনিময়ত ৰাইজক অৱগত কৰি শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কয় যে- ক্ষেত্ৰ ভিত্তিত নিজে পৰ্যবেক্ষণ কৰি কাম কৰা পীযুষ হাজৰীকা এজন অত্যন্ত কৰ্মদক্ষ মন্ত্ৰী।

লগতে তেওঁ কয়- মন্ত্ৰী পীযুষ হাজৰীকাই বিধানসভাত খুব সঠিকভাৱে বিষয়বোৰ উত্থাপন কৰিব পাৰে। ৰাইজৰ সমস্যা বিলাক মন্ত্ৰী পীযুষ হাজৰীকাই সঠিকভাৱে বুজি পাই বুলি উনুকিয়াই বিধায়ক অখিল গগৈয়ে। যিহেতু মন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ বান পৰিস্থিতি নিজে পৰিদৰ্শন কৰিছে বিধায়কগৰাকীয়ে আশা কৰে যে, শিৱসাগৰ জিলাত ব্ৰহ্মপুত্ৰ, দিখৌ, দিচাং আৰু দৰিকা নদীৰ বান তথা গৰাখহনীয়াৰ যি সমস্যা আছে বিভাগীয় মন্ত্ৰীগৰাকীৰ তৎপৰতাত নিশ্চিতভাৱে সমাধান হ’ব। লগতে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত সাংবাদিকৰ আগত বিধায়কগৰাকীয়ে বিষয়টো সন্দৰ্ভত ভিন্ন মত আছে বুলি অৱগত কৰে।