শিৱসাগৰ

শিৱসাগৰত অনুষ্ঠিত সদৌ অসম মুকলি প্ৰাইজমাণি ৰেটিং দবা প্ৰতিযোগিতা সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,শিৱসাগৰ : শিৱসাগৰ চেচ একাডেমীয়ে অভিভাৱকসকলৰ  সহযোগত শিৱসাগৰ ৰটাৰী ক্লাবৰ প্ৰেক্ষাগৃহত ৫ দিনীয়াকৈ অনুষ্ঠিত কৰা সদৌ অসম মুকলি ক্লাচিকেল প্ৰাইজমাণি ৰেটিং দবা প্ৰতিযোগিতাখনি বৃহস্পতিবাৰে সামৰণি পৰে ৷ শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ কেউখন জিলাৰ ২০৯ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

এই প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে শিলচৰৰ ইফটিকাৰ আলমে ৷ তেওঁ ৯ খন খেলৰ ৮ খনতেই জয়ী হয় ৷ দ্বিতীয় শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে কাৰ্বি আংলঙৰ ৰিন্টু বৰ্মই ৷ তৃতীয় শ্ৰেষ্ঠ খেলুৱে ডিব্ৰুগড়ৰ চেনিৰাম পেগু, চতুৰ্থ গুৱাহাটীৰ শুভ্ৰজিৎ ধৰ আৰু পঞ্চম শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে শিৱসাগৰৰ বিজিত চেতিয়াই।

উল্লেখ্য যে কোনোধৰণৰ চৰকাৰী সাহায্য অবিহনে এই ব্যয়বহুল খেলখন সফলভাৱে অনুষ্ঠিত কৰা হয় ৷ অতি শৃংখলাবদ্ধ ভাৱে প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তা সকলে দিনে নিশাই প্ৰচেষ্টা চলায় ৷ যোৱা ৫টা দিনত আয়োজকসকলে পুৱা আৰু দুপৰীয়াৰ আহাৰ বিনামূলীয়াকৈ খেলুৱৈসহ অতিকমেও ৫০০ লোকক যোগান ধৰে ৷

প্ৰতিযোগিতাখন চুইছ লীগ পদ্ধতিৰে দবা ঘড়ীৰ  ৯০ মিনিট ৩০ ছেকেণ্ড ইনক্ৰিমেণ্টত  সম্পন্ন কৰা হয় । মুঠ ২ লাখ ৪০ হাজাৰ টকাৰ প্ৰাইজমানী বিতৰণ কৰা হয়। ইয়াৰ উপৰি ১০০ জনক ট্ৰফী আৰু মেডেল প্ৰদান কৰা হয় ৷ ২০৯ গৰাকী খেলুৱৈৰ প্ৰতিগৰাকীকে প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷  ৬০ জনক প্ৰাইজমানী প্ৰদান কৰা হয়। 

অনুৰ্দ্ধ ৭, ৯,১১,১৩ আৰু ১৫ শাখাত চল্লিশজনক ট্ৰফী প্ৰদান কৰা হয়।  অনুৰ্দ্ধ ৭ বছৰৰ শাখাত ট্ৰফী দাতা হ'ল প্ৰয়াত দীলিপ চন্দ্ৰ বৰা নামত দ্বীপজ্যোতি বৰা, অনুৰ্দ্ধ ৯ বছৰৰ শাখাত প্ৰয়াত প্ৰমোদ গগৈৰ সোঁৱৰণত দেৱব্ৰত গগৈ, অনুৰ্দ্ধ ১১ বছৰ শাখাত প্ৰয়াত ৰাজেন্দ্ৰ নাথ নেওগৰ সোঁৱৰণত আইভিমণি নেওগ, অনুৰ্দ্ধ ১৩ বছৰ শাখাত প্ৰয়াত শুভনাথ সন্দিকৈৰ সোঁৱৰণত বসন্ত সন্দিকৈ আৰু অনুৰ্দ্ধ ১৫ বছৰ শাখাত প্ৰয়াত নিৰদা চেতিয়াৰ সোঁৱৰণত ধ্ৰৱ চেতিয়াই প্ৰদান কৰে। মুকলি শাখাত প্ৰথম ৫টা পুৰষ্কাৰ আগবঢ়াই ক্ৰমে শিৱসাগৰ চেছ একাডেমী, দিগন্ত বৰা, দানিয়ুব বৰুৱা, আব্দুৰ ৰহমান, আৰু মণ্টু বৰুৱাই। বাকী সকলোবোৰ পুৰষ্কাৰ শুভাকাংক্ষীসকলে আগবঢ়ায়।

ছোৱালীৰ অনুৰ্দ্ধ ৭ বছৰৰ শাখাত স্থান লাভ কৰে জয়ন্তিকা যোগানীয়ে। ল'ৰাৰ ৭ বছৰৰ অনুৰ্দ্ধ শাখাত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে অনুভৱ হাজৰিকা, শ্বেৱান ছিমন বৰা ঠেঙাল আৰু অধৱ্য ৰাজ বৰাই। অনুৰ্দ্ধ ৭ বছৰৰ ছোৱালীৰ একমাত্ৰ স্থান লাভ কৰে নিদা নাজনীনে।

ল'ৰাৰ অনুৰ্দ্ধ ৯ বছৰৰ শাখাত প্ৰথম ভাৰ্গৱ দেৱনাথ, দ্বিতীয় ভব্যাংশ শৰ্মা,তৃতীয় দৰশিল দাস, চতুৰ্থ আবীৰ গগৈ আৰু পঞ্চম মহম্মদ শ্বেইখ উল্লাহে । ছোৱালীৰ অনুৰ্দ্ধ ৯ বছৰৰ শাখাত প্ৰথম পাৰিজাত সিংহ, দ্বিতীয় দেলিছা আহমেদ জিলানী আৰু তৃতীয় প্ৰচি কোঁৱৰ।

বেষ্ট শিৱসাগৰ প্ৰথম আলোক ঋদ্ধি সন্দিকৈ, দ্বিতীয় নৃপেন্দ্ৰ কুমাৰ শৰ্মা । ছোৱালীৰ বেষ্ট শিৱসাগৰ প্ৰথম প্ৰজ্ঞা দেৱী আৰু দ্বিতীয় দিশা বুখেৰীয়া। বেষ্ট ফেমেল প্ৰথম অন্বেষা বুঢ়াগোহাঁই দ্বিতীয় উৰ্জা হাজৰিকা। বেষ্ট ভেটাৰ্ণ প্ৰথম প্ৰমোদ গোহাঁই দ্বিতীয় হিৰণ্য দাস।

ল'ৰাৰ অনুৰ্দ্ধ ১১ বছৰৰ শাখাত প্ৰথম উদ্ধৱ ফুকন, দ্বিতীয় চৈয়দ শ্ববাজ ফাৰহান আৰু তৃতীয় চৈয়দ জাবিৰ হামদান, চতুৰ্থ বৰ্ণিল হাজৰিকা আৰু পঞ্চম লুইচ চিজে ফুকন। অনুৰ্দ্ধ ১১ বছৰ ছোৱালীৰ শাখাত প্ৰথম টানিস্কা শৰ্মা, দ্বিতীয় ৰাজকুমাৰী ফ্ৰলেংচেং আৰু তৃতীয় ৰিয়া চমুৱা।

অনুৰ্দ্ধ ১৩ বছৰৰ ল'ৰাৰ শাখাত প্ৰথম স্বৰাজজ্যোতি নেওগ দ্বিতীয় সিদ্ধান্ত শৰ্মা, তৃতীয় কশ্বিন দাস, চতুৰ্থ আনিশ গোস্বামী আৰু পঞ্চম সমুজ্জ্বল বৰুৱা ৷ অনুৰ্দ্ধ ১৩ বছৰৰ ছোৱালীৰ ঋতুস্মিতা ভট্টাচাৰ্য্য, দ্বিতীয় প্ৰাপ্তিবৰ্ণা  ঠাকুৰীয়া আৰু তৃতীয় আস্থাজিতা দাস।

অনুৰ্দ্ধ ১৫ বছৰৰ ল'ৰাৰ শাখাত প্ৰথম প্ৰান্তনীল পেগু, দ্বিতীয় সুৰজ গগৈ, তৃতীয় লক্ষ্যজিৎ গগৈ, চতুৰ্থ অভিমন্যু বৰা আৰু পঞ্চম দেৱাশীষ কলিতা। প্ৰতিযোগিতাৰ মুখ্য আৰ্বিটাৰ গুৱাহাটীৰ বিশ্বজিৎ ভৰদ্বাজ, আৰ্বিটাৰ সোণাৰিৰ মানিক দত্ত, নগাঁৱৰ লক্ষ্যজ্যোতি শইকীয়া, নামৰূপৰ অপূৰ্ব সোণোৱাল, ছয়গাঁৱৰ হোমেন ৰাভা আৰু ডিব্ৰুগড়ৰ ৰাজনীশ বাৰ্মাই শিৱসাগৰ অপেন পৰিচালনা কৰে ৷ 

প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত সভিপতিত্ব কৰে চিকিৎসা বিষয়া প্ৰশান্ত প্ৰতীম শৰ্মাই ৷ ডা° প্ৰশান্ত প্ৰতীম শৰ্মাই শিৱসাগৰত দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ২০১৪ চনত চেচ একাডেমি গঠন কৰি প্ৰতি শনিবাৰ আৰু দেওবাৰে এই প্ৰশিক্ষণ প্ৰদানৰ কথা ব্যক্ত কৰে ৷

এই একাডেমিত প্ৰশিক্ষণ লোৱা প্ৰশিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ প্ৰসংগ তেওঁ উল্লেখ কৰে ৷ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে  অংশগ্ৰহণ কৰি সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতাই কয় যে বৰ্তমানৰ পৰা চৰকাৰে চেচ খেলুৱৈক স্ক’লাৰশ্বিপ দিয়াৰ বাবে আশ্বাস প্ৰদান কৰিছে ৷

অসম চৰকাৰৰ ক্ৰীড়া যুৱ কল্যাণ বিভাগে এই স্ক’লাৰশ্বিপ প্ৰদান কৰিব ৷ তেওঁ কয় যে গ্ৰেণ্ড মাষ্টৰৰ নৰ্মচ পোৱাৰ বাবে চৰকাৰে অসমৰ চাহিল দেক ১০ লাখ টকা প্ৰদান কৰিব ৷ ইতিপূৰ্বে খেলুৱৈ গৰাকীক ২'৫০ লাখ টকা প্ৰদান কৰা হৈছে ৷

মায়ংক চক্ৰৱৰ্তীকো একেদৰে সাহায্য প্ৰদান কৰিব ৷ আন্তৰাষ্ট্ৰীয় খেলত ভাগ ল’বলৈ যোৱা দবা খেলুৱৈক সন্থাই আৰ্থিক সাহায্য প্ৰদান কৰিব ৷ হেমন্ত গগৈয়ে সভাখনা আঁত ধৰি ভবিষ্যতৰ দিনত ইয়াতকৈ ডাঙৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা ব্যক্ত কৰে ৷

সভাখনত সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ, শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত বিতোপন নেওগ আৰু জিলা ক্ৰীড়া বিষয়া  প্ৰতীম বৰুৱা, ভাৰত শৰ্মা, জাকিৰ আলী, ৰুবুল আব্দুৰ ৰহমান, বসন্ত সন্দিকৈ, মন্টু বৰুৱাকে আদি কৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ৷