শিৱসাগৰত অপৰাজিতা গগৈৰ কাব্যগ্ৰন্থ উন্মোচনঃ ড° নিৰ্মল প্ৰভা বৰদলৈক স্মৰণ... 
শিৱসাগৰ

শিৱসাগৰত অপৰাজিতা গগৈৰ কাব্যগ্ৰন্থ উন্মোচনঃ ড° নিৰ্মল প্ৰভা বৰদলৈক স্মৰণ...

Asomiya Pratidin

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰ লেখিকা সংস্থাৰ উদ্যোগত শিৱসাগৰ চহৰৰ এসময়ৰ দুখীয়া স্কুল নামেৰে পৰিচিত বৰ্তমানৰ ১ নং টাউন প্ৰাথমিক বিদ্যালয়ত বিশিষ্ট সাহিত্যিক ড॰ নিৰ্মলপ্ৰভা বৰদলৈৰ ওপজা দিন পালনৰ লগতে অপৰাজিতা গগৈৰ এখনি কাব্যগ্ৰন্থ উন্মোচন কৰা হয়৷ অনুষ্ঠানৰ পূৰ্বে নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পুতলী গোস্বামীয়ে৷

শিৱসাগৰ লেখিকা সংস্থাৰ সভাপতি দিপ্তীময়ী বুঢ়াগোহাঁই গগৈয়ে সঞ্চালনা কৰা সভাত প্ৰতিষ্ঠিত কবি-অনুবাদক অপৰাজিতা গগৈৰ ‘মই ৰৈ আছো’ শীৰ্ষক কাব্যগ্ৰন্থখনি উন্মোচন কৰি যোৰহাট সৰ্বোদয় মহাবিদ্যালয়ৰ অধ্যাপিকা ড॰ নমিতা বৰুৱাই কয় যে, কবিতা তেওঁৰ বাবে এক অপাৰ্থিৱ অনুভূতি আৰু অনিৰ্বচনীয় আনন্দ দান কৰা এক উপকৰণ৷ যি তেওঁৰ জীৱনচৰ্যাৰ সহচৰ, অৱসৰ বিনোদন নহয়৷ 

অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট শিল্পী ডা° ৰাজীৱ ভট্টাচাৰ্যই কয় যে, কবিতাক হৃদয়ৰ ভাষা কৰি ল’ব পাৰিলে কবিৰ জীৱনলৈ অজানিতে বিপুল সম্ভাৱনা আহি পৰে ৷ অপৰাজিতাা গগৈয়ে কবিতাক হৃদয়ৰ ভাষা কৰি ল’ব পাৰিছে ৷ তেওঁ যোৱাটো শতিকাৰ ৮০ৰ দশকৰ পৰা কবিতা লিখি আহিছে ৷

অপৰাজিতাা গগৈৰ কবিতাত সমাজৰ বাস্তৱ ছবি প্ৰতিফলিত হয়। তেওঁৰ কবিতাত মানুহে সদায় প্ৰাধান্য লাভ কৰি আহিছে ৷ তেওঁ সামাজিক সংবেদনশীলতাৰ কবি ৷ অপৰাজিতাা গগৈৰ কবিতাত আত্মিক আৰু সামাজিক দিশ স্পষ্টকৈ ধৰা পৰে। তেওঁ সাধনা আৰু অভিজ্ঞতা অনুপাতে কবিতা লিখিছে ৷ তেওঁৰ কবিতাত গণতান্ত্ৰিক প্ৰমূল্যবোধ বিদ্যমান ৷ সমাজবাদী চেতনা পৰিশীলিত ৰূপত কবিতালৈ আহিছে ৷ তত্ত্বৰ প্ৰয়োগে কবিতাৰ শিল্প সাধনাক নস্যাৎ কৰা নাই ৷

ডা° ৰাজীৱ ভট্টাচাৰ্যই কবি অপৰাজিতা গগৈৰ কবিতাক ভূয়সী প্ৰশংসা কৰি কয় তেওঁৰ কবিতাত লোক সংস্কৃতিৰ দিশ প্ৰতিফলিত হোৱাৰ লগতে তেওঁৰ কবিতাত পৰিপক্বতা আছে৷ আনহাতে ‘ড॰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীত আৰু কবিতা’ শীৰ্ষত বিষয়ত বক্তৃতা প্ৰদান কৰি বিশিষ্ট নিবন্ধকাৰ চামচুল বাৰিকে কয় যে, লোক সংস্কৃতিৰ ক্ষেত্ৰখনত সাহিত্যিকগৰাকীয় যি কাম কৰি গ’ল সেই কামখিনিৰ ফচলৰূপে তেওঁৰ কবিতাত আমি মাটিৰ গোন্ধ বিচাৰি পাওঁ৷ 

সভাত সাহিত্যিক দীপালী ভট্টাচাৰ্য বৰুৱা, মেঘালী গগৈ, গায়ত্ৰী কোঁৱৰ, বীণাপানী গগৈয়ে বক্তব্য আগবঢ়োৱাৰ লগতে মেটেকা শ্ৰীমন্ত শংকৰদেৱ হাইস্কুলৰ প্ৰধান শিক্ষক, গ্ৰন্থখনৰ প্ৰকাশক প্ৰশান্ত বৰগোহাঁইকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল। কবি চন্দ্ৰলেখা ৰাজখোৱাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু কবি অপৰাজিতা গগৈয়ে মনৰ অনুভৱ ব্যক্ত কৰা সভাত দীপলিপ গগৈ, প্ৰীতি গগৈয়ে কবিতা আবৃত্তি, অৱন্তি বৰগোহাঁই গগৈয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত ডা° ৰাজীৱ ভট্টাচাৰ্যই ড° নিৰ্মল প্ৰভা বৰদলৈৰ ৰচিত গীত পৰিৱেশন কৰে ৷