শিৱসাগৰ

৩৮ টা স্বস্তিক আঁকি এছিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত ধ্যানীদৃষ্টি কাশ্যপৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,শিৱসাগৰ: হত্যা, চুৰি-ডকাইতি, দুর্ঘটনা, দুর্নীতি আদি বিভিন্ন খবৰে বাতৰি কাকতৰ শিৰোনাম দখল কৰি থকাৰ সময়তে আহিছে এটা যোগাত্মক খবৰ। এছিয়া বুক অৱ ৰেকৰ্ডছ'ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ এগৰাকী ছাত্ৰীয়ে।

শিৱসাগৰ চহৰৰ ৮ নং ৱাৰ্ডৰ শংকৰদেৱ নগৰৰ সমাজকর্মী তথা বিশিষ্ট ব্যৱসায়ী মনোজ হাজৰিকা আৰু ময়ুৰী শৰ্মা হাজৰিকাৰ কন্যা ধ্যানীদৃষ্টি কাশ্যপে এখিলা পদুমৰ পাতত ৮৩৮ টা স্বস্তিক আঁকি ‘এছিয়া বুক অৱ ৰেকৰ্ডছ'ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে শিৱসাগৰবাসী।

শিৱসাগৰ নাজিৰাস্থিত দিল্লী পাব্লিক স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী ধ্যানীদৃষ্টি কাশ্যপে লাভকৰা এনে সাফল্যত শিৱসাগৰৰ বিভিন্ন সামাজিক- সাংস্কৃতিক অনুষ্ঠানৰ লগতে দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ, বিণাপানী সংগীত মহাবিদ্যালয়, উজনি অসম মুছলিম কল্যান পৰিষদৰ কাৰ্যকৰী সভাপতি এম.আই. বড়া, শিৱসাগৰ জিলা বাৰ্তাজীৱি সংঘ, টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকন, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰদীপ মহন, সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱা, অসমীয়া যুৱ মঞ্চৰ বিষ্ণু শ‍ইকীয়া, নেচাৰ্চ বেকনৰ ডাঃ জেহিৰুদ্দিন খানে সন্তুষ্টি প্ৰকাশ কৰিছে ৷

তদুপৰি জাগৃতি নাৰী সমাজৰ পদ্মা চেতিয়া, শিৱসাগৰ লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা বিজুমনি দত্ত, আৰোহনৰ সম্পাদিকা মনি গগৈ, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান উশাহ, মৃদুল দাস, মতিক প্ৰসাদ দাসকে ধৰি বহু সংখ্যক লোকে ইতিহাস প্রসিদ্ধ শিৱসাগৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰী গৰাকীৰ লগতে পিতৃ-মাতৃলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

উল্লেখ্য যে ধ্যানীদৃষ্টি কাশ্যপে চিত্র অংকন কৰাৰ লগতে গীত গাই, পিয়ানো, গীতাৰ আৰু বিভিন্ন বাদ্যযন্ত্ৰ বজায়। ভৱিষ্যতে ইণ্টাৰনেচনেল বুক অৱ-ৰেকৰ্ডছ, লিমকা বুক অৱ ৰেকৰ্ডছ আৰু গ্রিনিজ বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ আশাসুধিয়া চেষ্টা অব্যাহত ৰাখিছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে। ইয়াৰ উপৰিও ধ্যানীদৃষ্টি কাশ্যপৰ এনে প্ৰশংসনীয় কাম কাজত পিতৃমাতৃয়ে প্ৰেৰণা যোগোৱা বুলিও উল্লেখ কৰে ।