পুনৰ বহিঃ ৰাজ্যত মৃত্যু অসমৰ যুৱকৰঃ পত্নী, ৩ কন্যাক এৰি গৈছিল কৰ্মৰ সন্ধানত 
শিৱসাগৰ

পুনৰ বহিঃ ৰাজ্যত মৃত্যু অসমৰ যুৱকৰঃ পত্নী, ৩ কন্যাক এৰি গৈছিল কৰ্মৰ সন্ধানত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত অসমৰ এজন যুৱক নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য সৃষ্টি হৈছে। শিৱসাগৰ জিলাৰ আমগুৰিৰ টিফুক চাহ বাগিচাৰ ফিল্ড লাইনৰ লক্ষীনাথ ভূমিজ নামৰ যুৱকজনে যোৱা ১৯ জানুৱাৰীত বেংগালুৰুলৈ যাত্ৰা কৰিছিল।

কৰ্ম সংস্থাপনৰ আশাত আন দুই বন্ধুৰ সৈতে বেংগালুৰুলৈ যাত্ৰা কৰা লক্ষী ভূমিজৰ মৃতদেহ অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰা ৰে'ল ষ্টেচনৰ কাষত ৰে'ল লাইনত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে। এই খবৰ পৰিয়ালৰ লোকে লাভ কৰাৰ পাছতে স্বাভাৱিকতে পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

বিবাহিত লক্ষী ভূমিজৰ এইদৰে অপমৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিলায়টোৱে। ৩ কন্যাৰ পিতৃ লক্ষী ভূমিজৰ মৃত্যু হোৱাৰ খবৰে এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। কি পৰিস্থিতিত তেওঁৰ মৃত্যু হ'ল, কেনেকৈ মৃত্যু হ'ল, বা কোনে, কিয় হত্যা কৰিলে আদি প্ৰশ্ন অঞ্চলটোৰ সৰ্বত্ৰে উত্থাপন হৈছে। উল্লেখ্য লক্ষী ভূমিজৰ মৃত্যুৰ খবৰ জি আৰ পিয়ে হালোৱাটিং আৰক্ষী থানাত জনাইছিল।