শিৱসাগৰ

কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব'ত অসম সন্তান টকজিৰ সাফল্য...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰ : ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিছে অসমৰ আন এটি কণমানি। তেওঁৰ নাম টকজিৰ কাথাৰ দলে ৷ মুম্বাই মহানগৰীত কালাৰ্ছ টি ভিৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ থকা ৰিয়েলিটী শ্ব'  ডান্স ডিৱানে চিজন ফ'ৰত ৭ বছৰীয়া টকজিৰে ভাগ লৈ মনোমোহা নৃত্যৰে লাখ লাখ নৃত্যপ্ৰেমীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে ৷

টকজিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাৰ খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰিছে ৰাজ্যবাসীক ৷ সমান্তৰালকৈ জন্মস্থান শিৱসাগৰতো টকজিৰৰ সফলতাৰ বাবে ৰাইজৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে ৷

এতিয়া টকজিৰক পৰিৱৰ্তী ৰাউণ্ডলৈ যাবলৈ ভোটিঙৰ প্ৰয়োজন বুলি জানিবলৈ দিয়ে ৷ সেয়ে টকজিৰৰ বাবে ভোটদান কৰিবলৈ সংবাদমেলযোগে ৰাইজলৈ শিৱসাগৰৰ সমৰ্থকসকলে আহ্বান জনায় ৷

সকলোৱেই এতিয়া ৰাজ্যবাসীক অনুৰোধ জনাইছে যে, সকলোৱে টকজিৰক ভোটদান কৰক আৰু পৰৱৰ্তী ৰাউণ্ডলৈ টকজিৰক আগবঢ়ি যোৱাত সহায় কৰক ৷ টকজিৰে যাতে ফাইনেলত জয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰিছে জনসাধাৰণে ৷ 

ইফালে শিৱসাগৰৰ দিখৌমুখ অঞ্চলতো টকজীৰৰ সমৰ্থনত ভালেসংখ্যক লোক ওলাই আহে ৷ হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ৰাইজক টকজীৰৰ বাবে ভোটদান কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, টকজিৰক ভোট দিবৰ বাবে ম'বাইলৰ Play Store গৈ Jio Cinema App download কৰি সেই এপযোগে ভোটদান কৰিব পাৰিব বুলি জনায় ৷

ভোটদানৰ সময় ৩০ মাৰ্চ শনিবাৰ নিশা  ৯-৩০ বজাৰ পৰা আৰম্ভ হৈ ৩১ মাৰ্চ দেওবাৰৰ পুৱা ৯-৩০ বজাত অন্ত পৰিব ৷ গতিকে ৰাইজক কণমানি টকীজক বিপুল ভোটদান কৰি পৰৱৰ্ত্তী  ৰাউণ্ডলৈ উন্নীত কৰিবলৈ সমৰ্থকসকলে আহ্বান জনাইছে।