শিৱসাগৰ

মথুৰাপুৰত ব'হাগী বিদায় উৎসৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ,মথুৰাপুৰঃ বৃহত্তৰ মথুৰাপুৰবাসী ৰাইজৰ সন্মিলিত প্রচেষ্টাত মথুৰাপুৰ ৰাজহুৱা খেলপথাৰত পঞ্চদশ বার্ষিক ব'হাগী বিদায় উৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। অহা ১০ আৰু ১১ মে'ত প্রয়াত অজিত খাউণ্ড সোঁৱৰণী সমন্বয় ক্ষেত্রত দুদিনীয়াকৈ এই অনুষ্ঠান অনুষ্ঠিত হ'ব।

বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব লোৱা এই ব'হাগী বিদায় উৎসৱৰ প্ৰথম দিনা পুৱা সমূহীয়া পৰিৱেশ নিকাকৰণ কাৰ্যসূচীৰ পাছত প্রয়াত দিপালী বৰুৱা সোঁৱৰণী মূখ্য তোৰণ কল্প বৰুৱাই উন্মোচন কৰিব। পুৱা ৮ বজাত স্থায়ী বিহু কমিটিৰ সভাপতি জৈন কুমাৰ চেতিয়া, উদযাপন সমিতিৰ সভাপতি প্ৰণৱ বৰগোহাঁই আৰু পঞ্চদশ বার্ষিক ব'হাগী বিদায় উৎসৱ উপলক্ষে ১৫ খনকৈ জ্যেষ্ঠ নাগৰিকৰ দ্বাৰা বিহুৱান উত্তোলন কৰা হ'ব।

ইয়াৰ পাছত স্থায়ী বিহু কমিটিৰ সম্পাদক পূর্ণজিৎ ফুকন আৰু উদযাপন সমিতিৰ সম্পাদক দ্বীপেন ফুকনে স্মৃতি তর্পণ কাৰ্যসূচী মুকলি কৰাৰ পাছত পৰ্যায়ক্ৰমে গছপুলি ৰোপণ আৰু 'বৰদেউতাৰ আশীৰ্বাদ' শীর্ষক সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব । পুৱা ১১ বজাত 'প্রয়াত ৰাধু চৌধুৰী সোঁৱৰণত' চিত্রাংকন, ৰচনা আৰু প্রদর্শনীমূলক লাডু-পিঠা আৰু কবিতা আবৃত্তি প্রতিযোগিতা আৰম্ভ হ'ব।

দুপৰীয়া প্রাচীৰ পত্ৰিকা "ব'হাগী" উন্মোচন কৰিব সাংস্কৃতিক কৰ্মী তথা অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মণি গগৈয়ে। বিয়লি সৃষ্টি চাহ উদ্যোগৰ স্বত্বাধিকাৰ ৰিংকুমণি বৰদলৈয়ে প্রয়াত সত্যজিৎ বৰদলৈ সোঁৱৰণী মঞ্চ উদ্বোধন কৰিব। ইয়াৰ পাছত আমন্ত্ৰিত হুঁচৰি, জেং বিহু দলৰ অনুষ্ঠান উদ্বোধন কৰিব গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা মনোৰমা ফুকন বৰগোহাঁয়ে।

নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। দ্বিতীয়দিনা পুৱা পৰিৱেশ নিকাকৰণৰ পাছত দিনৰ ১১ বজাত কণী যুঁজ প্রতিযোগিতা, ১ বজাত ঢোল বাদন আৰু বিহু নাম প্রতিযোগিতা আৰু সন্ধিয়া "উত্তৰণ” এক বিশেষ সম্বর্ধনা আৰু বঁটা অনুষ্ঠান অনুষ্ঠিত হ'ব।

ইয়াৰ পাছত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব। ইয়াত জনপ্রিয় কণ্ঠশিল্পী লক্ষী চন্দ্ৰৰ সংগীতানুষ্ঠান আৰু জনপ্রিয় অভিনেত্রী বিউটি বাইলুং আৰু অভিনেতা বিদুৰভায়ে অনুষ্ঠান পৰিৱেশন কৰিব।