শিৱসাগৰ

আমগুৰিৰ হালোৱাটিঙত বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, নামতি : শিৱসাগৰ জিলাৰ অন্তৰ্গত আমগুৰিৰ হালোৱাটিঙ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিভৰ্ত্তি ট্ৰাক জব্দ কৰিছে আৰক্ষীয়ে। হালোৱাটিং আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে পুৱাই জব্দ কৰে ট্ৰাকখন।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নগালেণ্ড টুলীৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰিছিল চুপাৰিভৰ্তি ট্ৰাকখন। আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনত কেইবালাখ টকাৰ মূল্যৰ প্ৰায় ২৩০ বেগ চুপাৰি আছিল।

ট্ৰাকখন নম্বৰ হৈছে WB 63B 6017। হালোৱাটিং আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ট্ৰাকৰ চালকসহ দুজন লোকক। আটকাধীন লোক কেইজন হৈছে চাদ্দাম হুছেইন আৰু হাজিজুৰ আলী।

উল্লেখ্য যে নাগালেণ্ডৰ পৰা হলোৱাটিং আমগুৰি হৈ অবৈধভাৱে চুপাৰি সৰবৰাহৰ দীৰ্ঘদিনীয়া অভিযোগ আছে। আজি শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং আৰু আমগুৰিৰ মাজেৰে অবৈধভাৱে বাৰ্মাৰ চুপাৰি সৰবৰাহ হোৱাৰ সময়তে হালোৱাটিং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ট্ৰাকখন। ইতিমধ্যে হালোৱাটিং আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে