শিৱসাগৰ

মাইবেলাত পথ ওপৰত বাগৰিল প্ৰকাণ্ড গছ

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ মাইবেলা অঘটন ৷ শুক্ৰবাৰে হঠাৎ পথৰ ওপৰত গছ পৰি ব্যাহত যাতায়ত ব্যৱস্থা। সোণাৰি-মথুৰাপুৰ সংযোগী মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুত কেন্দ্ৰৰ ঐতিহাসিক ধোদৰ পথৰ ওপৰত এজোপা পুৰণি প্ৰকাণ্ড গছ ভাঙি পথ ওপৰত বাগৰি পৰা ফলত পথছোৱাত সম্পূৰ্ণৰূপে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে।

অৱশ্যে এই ঘটনাৰ ফলত কোনো লোক হতাহতি হোৱা নাই যদিও এডাল উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত তাঁৰ ওপৰত গছডাল পৰে বুলি জানিব পৰা গৈছে ।