শিৱসাগৰ

অগপৰ প্ৰাক্তন নেতা গকুল বুঢ়াগোহাঁইৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ নিমনাগড় ইকৰাণী গাঁৱৰ বাসিন্দা তথা অসম আন্দোলনৰ এগৰাকী অগ্ৰণী সক্ৰিয় আন্দোলনকাৰী গকুল বুঢ়াগোহাঁই (৯৮)ৰ যোৱা নিশা বাৰ্ধক্য জনিত কাৰণত মৃত্যু হয়। এগৰাকী জাতীয়তাবাদী চিন্তাধাৰাৰ ব্যক্তি প্ৰয়াত বুঢ়াগোহাঁইয়ে অসম গণ পৰিষদৰ চৰাইদেউ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতিৰ উপৰিও জিলা সমিতিৰ বিভিন্ন বিষয়বাবৰ দায়িত্ব গ্ৰহণ কৰিছিল।

বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত, স্থানীয় কেইবাখনো শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ সদস্য তথা সভাপতিৰ দায়িত্ব বহন কৰা গকুল বুঢ়াগোহাঁইৰ মৃত্যুত চৰাইদেউ জিলাৰ বিভিন্ন মহলত গভীৰ শোকৰ ছাঁ পৰিছে।

সৰবৰহী তথা অমায়িক ব্যক্তিগৰাকীৰ বিয়োগ বাৰ্তা বিয়পি পৰাৰ পাছত বুধবাৰে অগপৰ মাহমৰা বিধান পৰিষদৰ উপ-সভাপতি ইমতিয়াজ ইচলাম বড়াৰ লগতে দলটোৰ বিষয়ববীয়া ক্ৰমে প্ৰবীন চেতিয়া, ৰঞ্জিত গগৈ , চুখেন ৰাজকোঁৱৰৰ লগতে কেইবাগৰাকী দলীয় কৰ্মী প্ৰয়াত বুঢ়াগোহাঁইৰ বাসগৃহত উপস্থিত হৈ অসম গণ পৰিষদ দলৰ হৈ নশ্বৰ দেহত দলীয় পতাকাৰে সন্মান জনাই এক মিনিট মৌন প্ৰাৰ্থনাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে প্ৰয়াত বুঢ়াগোহাঁইয়ে ইহসংসাৰত চাৰি পুত্ৰ বোৱাৰী , নাতি নাতিনীক এৰি থৈ যায়।