শিৱসাগৰ

সোণাৰি আৰক্ষী থানাত জেৰা দালাল দুলালকঃ হাজিৰ কৰা হ'ব ন্যায়িক আদালতত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে বৃহস্পতিবাৰে নিশা অসম আৰক্ষীৰ এটা দলে দুলাল বৰাক লগত লৈ গুৱাহাটীত উপস্থিত হয়। ইয়াৰ পিছতে পোনে পোনে মহা দালাল দুলাল বৰাক লৈ যায় চৰাইদেউলৈ।

যোৱা ২০ ছেপ্টেম্বৰত দালাল দুলালৰ ব্লেকমেইলিং আৰু মানসিক অত্যাচাৰৰ সন্মুখীন হৈয়ে আত্মহত্যাৰ পথ বাচি লৈছিল সোণাৰিৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাই। ইয়াৰ পিছতেই দুলাল বৰাই দিল্লীলৈ পলায়ন কৰিছিল।

বুধবাৰে দিল্লী আৰক্ষীয়ে দুলাল বৰাক গ্ৰেপ্তাৰ কৰাৰ পাছত বৃহস্পতিবাৰে অসম আৰক্ষীৰ এটা দলে ট্ৰেঞ্জিত ৰিমাণ্ডত দুলাল বৰাক লৈ গুৱাহাটীত উপস্থিত হয়। তাৰ পাছতেই লৈ যোৱা হয় চৰাইদেউলৈ। আজি পুৱাই দুলাল বৰাক আৰক্ষীৰ এটা বৃহৎ দলে সোণাৰি আৰক্ষী থানালৈ জেৰাৰ বাবে লৈ আনে।

ইয়াৰোপৰি আজি দুলাল বৰাক ন্যায়িক আদালততো হাজিৰ কৰোৱা হ'ব। সোণাৰি আৰক্ষীয়ে ইতিমধ্যে দেৱজিৎ বৰাৰ আত্মহত্যাৰ ঘটনাৰ সৈতে নাম জড়িত হোৱা অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহাই আৰু সাংদিক পৰিস্মিতা বৈশ্য ফুকনক গ্ৰেপ্তাৰ কৰি তিনিদিনীয়া জেৰাৰ অন্তত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

এই ঘটনাৰে নাম জড়িত হোৱা ৰাজ্যৰ এটা ব্যক্তিগত চেটেলাইট চেনেলৰ স্থানীয় সাংবাদিক ৰফিক আহমেদে কেইবাদিনো পলাতক অৱস্থাত থাকি অন্তৱৰ্তীকালীন জামিনো লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াকে লৈয়ো চৰাইদেউ জিলাত ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

এই একেটা গোচৰতে দুলাল বৰাকো জেৰা কৰিব সোণাৰি আৰক্ষীয়ে। উল্লেখ্য যে, দুলাল বৰাৰ বিৰুদ্ধে কেৱল এই এটা গোচৰেই নাই। ৩০ টাৰো অধিক গোচৰ আছে এইদৰাকী স্বয়ম্ভু সাংবাদিকৰ বিৰুদ্ধে।

প্ৰথমে তথ্য জনাৰ অধিকাৰ আইন দুপ্ৰয়োগ কৰি বিভিন্নজনক ব্লেকমেইলিং কৰা দুলাল বৰাক পৰৱৰ্তী সময়ত আৰ টি আই কৰাত নিষেধাজ্ঞা আৰোপ কৰাত নিউজ প'ৰ্টেল খুলি আনৰ নামত আৰ টি আই কৰি আহিছিল। এই আৰ টি আইৰ তথ্যৰ আধাৰতে বিভিন্নজনক ব্লেকমেইলিং কৰি মানসিক হাৰাশাস্তি কৰি আহিছে দুলাল বৰাই। এই সংক্ৰান্তিয় গোচৰেই তেওঁৰ বিৰুদ্ধে সৰ্বাধিক আছে। এইদৰে দলালি কৰিয়েই ৰাজ্যৰ কেইবাটাও প্ৰান্তত তেওঁ গঢ়িছে পৰ্বতোসম সম্পত্তি।