শিৱসাগৰত ONGC ৰ ৰীগত অগ্নিকাণ্ডঃ নাছিল অগ্নি নিৰ্বাপনৰ ব্যৱস্থা ! 
শিৱসাগৰ

শিৱসাগৰত ONGC ৰ ৰীগত অগ্নিকাণ্ডঃ নাছিল অগ্নি নিৰ্বাপনৰ ব্যৱস্থা !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ অ' এন জি চিৰ ৰীগত সংঘটিত হৈছে অগ্নিকাণ্ড। আজি শিৱসাগৰ জিলাৰ গেলেকীৰ অ' এন জি চিৰ এটা খনন ৰীগত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড।

জানিব পৰা মতে এই ৰীগটোত ঠিকাভিত্তিক ভাৱে কাম চলিছিল। এছ কে পি নামৰ এই ৰীগটোত কাৰিকৰী বিজুতিৰ বাবেই সংঘটিত হয় এই অগ্নিকাণ্ড।

ৰীগৰ কাম অতি বিপদজনক হোৱাৰ পাছতো ইয়াত নাছিল অগ্নি নিৰ্বাপনৰ বিশেষ ব্যৱস্থা। ফলত ৰীগটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে বিষয়া, কৰ্মচাৰী আতংকিত হৈ পলায়ন কৰে।

ইফালে এই অগ্নিকাণ্ডত স্থানীয় লোকসকলো আতংকিত হৈ পৰে। অৱশ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।